Sunday, December 22, 2024
HomeNEWSৰাণীত বায়খো উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

ৰাণীত বায়খো উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ আন্ধেৰীজুলি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত অহা ৯ জুন ৰবিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বায়খো উৎসৱ। ইতিমধ্যে উৎসৱস্থলীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যুটীয়া উদ্যোগত আয়োজন কৰিছে এই উৎসৱটি। প্রকৃতিপ্রেমী চহা ৰাভাসকলে জাতীয় উৎসব ‘বায়খো উৎসব’ উদ্‌যাপনৰ জৰিয়তে ‘আয়া বায়খো দেৱী’ক পূজা-অর্চনা কৰে। আয়া বায়খো দেৱীক সন্তুষ্ট কৰি আগন্তুক কৃষি কাৰ্য সফল কৰা আৰু সমাজৰ অপায়, অমঙ্গল দূৰ কৰি মনোবাঞ্চা পূৰণ কামনাৰে প্ৰতি বছৰে উদ্‌যাপন কৰি আহিছে এই বায়খো উৎসৱ।

কাৰ্যসূচী অনুসৰি– উক্ত দিনটোৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব জীতেন ৰাভা বাক্‌ছোক, বাবুল ৰাভা, মমতা ৰাভা আৰু সৰ্বেশ্বৰ কছাৰীয়ে। শ্বহীদ তৰ্পন কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৰাণী সমষ্টিৰ পাৰিষদ সঞ্জয় কুমাৰ ৰাভাই। নগাঁও বন সংমণ্ডল বিষয়া ৰোহিনী কুমাৰ দাসে বৃক্ষ ৰোপন আৰু পলাশবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক অৰূপ পাঠকে গছ পুলি বিতৰণ কৰিব।

পুৱা ১০ বজাত মহাপূজা আৰম্ভ আৰু ১২ বজাত লোক–কৃষ্টি সমাৰোহ। দুপৰীয়া ১ বজাত পুৰুষ–মহিলাৰ মাজত অনুষ্ঠিত হ’ব লেৱা (লতা) টনা লগতে বিভিন্ন খেল–ধেমালি প্ৰতিযোগিতা। দিনৰ ২ বজাত নিমন্ত্ৰিত অতিথি আৰু কৃতী ছাত্ৰ–ছাত্ৰীক সম্বৰ্দ্ধনা। সন্ধিয়া বায়ব্ৰাসকলৰ কিল্লা ভঙা পৰ্বৰ পিছত অগ্নি পৰীক্ষা অৰ্থাৎ বাৰনাক্কায় নৃত্য। বন্তি প্ৰজ্বলন কৰিব ৰাভা হাছং যৌথ মঞ্চৰ সম্পাদিকা জয়ন্তী ৰাভাই।

নিশাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ, মাৰ্ক এলভিন, অংকুৰ তনয়, হিমাশ্ৰী ৰাভা আৰু চিন্ময় দিয়ানে গীত পৰিৱেশন কৰিব।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া,

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা, নগৰমল স্বৰ্গীয়াৰী, আদিত্য ৰাভা, সুমিত ৰাভা, সাধাৰণ সদস্য নৃপেন ৰাভা, দিলীপ ৰাভা, ফ্ৰাইলিন আৰ মাৰাক, অৰ্জুন চেত্ৰী, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভা, উপ–সভাপতি প্ৰদীপ ৰাভা লগতে কেইবাগৰাকী বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি উদোক্তাসকলে জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward