Monday, June 16, 2025
HomeNEWSৰাণীৰ নালাপাৰাত বায়খো উৎসৱ উদযাপন    

ৰাণীৰ নালাপাৰাত বায়খো উৎসৱ উদযাপন    

প্ৰকাশিত তাৰিখঃ ১৬ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাধীন ৰাণীৰ নালাপাৰাৰ বায়খো হাদামত ১৩ জুনত বায়খো দেৱীৰ উৎসৱ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

উল্লেখ্য যে বায়খো হ’ল ৰাভাসকলৰ এক কৃষি ভিত্তিক উৎসৱ। এই উৎসৱত কৃষিৰ অধিষ্ঠাত্ৰী লখিমী দেৱীক উৰ্বৰ কৃষি ভূমি কামনাৰে স্তুতি–প্ৰাৰ্থনা কৰি জনগোষ্ঠীটোৰলোক সকলে খেতিপথাৰত নামি পৰে। ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদৰ যুটীয়া সহযোগত এই উৎসৱ উদযাপন কৰা হয়। উৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱা পতাকা উত্তোলন কৰে তিনিওটা সংগঠনৰ বিষয়ববীয়া ক্ৰমে– জীতেন ৰাভা বাক্‌ছোক, বাবুল ৰাভা আৰু মমতা ৰাভাই।

ছহীদ তৰ্পন কৰে ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপদেষ্টা সত্যৰাম ৰাভাই। গছপুলি ৰোপন কৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ৰ’জি বৰ্মন আৰু গছ পুলি বিতৰণ কৰে ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰকজ্যোতি মজুমদাৰে।

দুপৰীয়াৰ পৰা মহাপূজা আৰম্ভ হয়। এই পূজাৰ মাংগলিক পৰ্বৰ অন্তত ২০২৫ বৰ্ষত প্ৰথম স্থান অধিকাৰ কৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক মানপত্ৰ, গছপুলিৰে সম্বৰ্দ্ধনা আগবঢ়োৱা হয়।

সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি বিজয় দাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্য,৩৫ ৰাভা হাছং পৰিষদীয় সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা, ৩৬নং ৰাণী সমষ্টিৰ পুষ্পাঞ্জলী কুমাৰী বড়ো, ৩০ বামুণীগাঁও সমষ্টিৰ অজিত ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা, সম্পাদক অশোক নংবাগ, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, সম্পাদিকা মল্লিকা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, সম্পাদক পূৰ্ণ ৰাভা, ছয়ানী ৰাণী আঞ্চলিক পঞ্চায়তৰ সাধাৰণ সদস্যা হীৰামণি ৰাভা কছাৰী, ৰাণী গাঁও পঞ্চায়তৰ সদস্যা ধৰিত্ৰী ৰাভাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward