প্ৰাচীৰ পত্ৰিকা দূৰবীণ আৰু জ্ঞানজ্যোতি কলাবীথিকা উন্মোচন
প্ৰকাশিত তাৰিখঃ ১৭ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ বৃহত্তৰ চানডুবি অঞ্চলৰ বাগানত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালি অনুষ্ঠানৰ বঁটা প্ৰদান কাৰ্যসূচী ১৪ নৱেম্বৰত শিশু দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়। উক্ত দিনৰ কাৰ্যসূচী অনুসৰি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমুদ্ৰ চন্দ্ৰ ৰাভাই। লগতে সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাম চৰণ দাসে। শিক্ষয়িত্ৰী প্ৰিয়ংকা দাসৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা ‘দূৰবীণ’ উন্মোচন কৰে শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ আদিত্য চন্দ্ৰ ৰাভাই।
আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ চিত্ৰশিল্প কৰ্মেৰে সজোৱা ‘জ্ঞানজ্যোতি কলা বীথিকা’ উন্মোচন কৰে সচিব মনোজ কুমাৰ শৰ্মাই। ইয়াৰ পিছত অধ্যক্ষ ৰাম চৰণ দাসে শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হয় সমবেত সঙ্গীতেৰে। উক্ত অনুষ্ঠানত শিক্ষয়িত্ৰী সুজলা বৈশ্য, সুমিত্ৰা দেউৰী আৰু শিক্ষক শ্বাহৰুখ আহমেদে গীত পৰিৱেশন কৰে। অনুষ্ঠানটোত পশ্চিমীয়া সংগীত পৰিবেশন কৰে শিক্ষক ৰাজা লাক্ৰাই। উল্লেখ্য যে ছাত্ৰ জাহিৰ হুছেইনে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
দশম শ্ৰেণীৰ ছাত্ৰী জাহ্নবী ৰাভা আৰু ছাত্ৰ জাহিৰ হুছেইনে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ শিক্ষক প্ৰসেনজিৎ কলিতাই। কলিতাই ভাষণ প্ৰসংগত কয়– ‘অত্যাধিক প্ৰতিযোগিতাৰ মনোভাৱে ছাত্ৰ–ছাত্ৰীসকলক ব্যক্তিকেন্দ্ৰীক কৰি গঢ়ি তোলে। সমাজত প্ৰতিযোগিতাত কৈ সহযোগিতাৰহে প্ৰয়োজন বেছি।’
উল্লেখ্য যে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হিমাংশু ৰাভাক ১৪বছৰ অনুৰ্ধ্বৰ পঞ্জাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফুটবল খেল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই অনা বাবে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। শেষত ২০২৪-২৫বৰ্ষৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতা লগতে শৈক্ষিক আৰু সাহিত্য বিভাগৰ বঁটা সমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ চিণ্টুমণি চৌধুৰী, শিক্ষক বসন্ত কুমাৰ দাস আৰু মণ্টু মহন্তই।
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অকণ কলিতা, প্ৰসন্ন ৰাভা, পুলমা কছাৰী, কবিতা গোস্বামী, নুৰেজা বেগম, প্ৰণামী দাস, স্বপ্নালী দাস, মুনিন্দ্ৰ মোহন দাস আদি কৰি অঞ্চলটোৰ বিভিন্ন লোক উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

