প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দহালী কৰ্কা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংগীত শিক্ষক দিপক কুমাৰ চৌধুৰীয়ে ২৯ মে’ বুধবাৰে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯৭ চনৰ পৰা শিক্ষক হিচাপে কৰ্মৰত চৌধুৰীৰ কৰ্মজীৱনৰ শেষ দিনটোত তেওঁক আনুষ্ঠানিক ভাৱে সন্মান জনোৱাৰ লগতে বিদায় সম্বৰ্ধনা দিয়াৰ অৰ্থে স্কুল উন্নয়ন পৰিচালনা সমিতিৰ সভাপতি ধনেশ্বৰ নাথৰ সভাপতিত্বত এখনি বিদায় সভা অনুষ্ঠিত কৰা হয়।
গাম্ভীৰ্য্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত উক্ত সভাত বিদায় ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰতাপ মালী, শিক্ষক তিলক কলিতা, মহেশ চন্দ্ৰ কলিতা, অজিত মহন্ত, চুচিন শৰ্মা, জ্ঞানদা গোস্বামী আৰু শিক্ষয়িত্ৰী নৱনিতা কুমাৰীয়ে।
আটাইকেইগৰাকী ভাষণ প্ৰদানকাৰীয়ে চৌধুৰীৰ ব্যক্তিত্ব, গুণ, প্ৰতিভা আদিৰ বিষয়ে উল্লেখ কৰাৰ লগতে কৰ্মজীৱনৰ পৰা যদিও চৌধুৰীয়ে অৱসৰ লৈছে কিন্তু পিছটো যেন বিদ্যালয়ৰ প্ৰতি দায়বদ্ধ হৈ থাকে তাৰ অনুৰোধ জনায়। ইফালে দীপক কুমাৰ চৌধুৰীয়েও ভাষণ প্ৰসংগত সমূহ ছাত্ৰ–ছাত্ৰীক আশীৰ্বাদ সূচক মন্তব্য কৰাৰ লগতে তেওঁ অৰ্ধকাল সংযুক্ত হৈ থকা দহালী কৰ্কা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি কাঁমনা কৰাৰ লগতে সময় সুবিধাৰ দোহাই দি বিদ্যালয়খনত উপস্থিত হ’ব বুলি কয়।
উল্লেখযোগ্য যে প্ৰিয় শিক্ষকগৰাকীৰ বিদায় মুহূৰ্তত ছাত্ৰ-ছাত্ৰী সহকৰ্মীসকল আৱেগিক হোৱা পৰিলক্ষিত হয়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ