প্ৰকাশিত তাৰিখঃ ১১ নৱেম্বৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
দেশৰ সংবিধান সভাত ১৯৪৯ চনৰ ২৫ নৱেম্বৰ তাৰিখে অধ্যক্ষ ড০ ভীমৰাও আম্বেদকাৰে কৈছিল অহা ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা আমি প্ৰৱেশ কৰিম এক দ্বন্দৰ মাজলৈ। ৰাজনীতিত আমি সকলোৱে সমঅধিকাৰ পাম আৰু সামাজিক আৰু অৰ্থনৈতিক জীৱনত প্ৰচণ্ড অসাম্য – On the 26th January 1950 we are going to enter into a life of contradictions, in politics we will have equality and in social and economic life we will have inequality.
আজি একৈশ শতিকাৰ বাইশটা বছৰত সাতটা দশকৰ পিছতো সেই দ্বন্দ বা অসাম্যৰ পৰা মুক্ত হোৱা নাই। এই অসমতাবোৰ আঁতৰাবলৈ আমি বিভিন্ন ধৰণে চেষ্টা কৰি আছো। যোজনা আঁচনি সদিচ্ছাৰে সংবেদনশীল হৈ আগবাঢ়ি গৈ থকাৰ পিছতো সমস্যাবোৰে আমাক লগ এৰা নাই। ব্ৰহ্মপুত্ৰ–গংগা–যমুনাৰ পানী বৈ আছে। সমাজ বিকাশৰ নিয়ম অনুসৰি জনসংখ্যা বাঢ়ি আছে। সম্পদ বাঢ়িছে কিন্তু একেলগে মানুহৰ জীয়াই থকা মানৰ ব্যৱধান বাঢ়ি গৈয়ে আছে। এফালে কিন্তু অংশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হৈছে। পৰিমাণগতভাৱে বিশাল পৰিৱৰ্তন হৈ আছে। কিন্তু মৌলিক সমস্যা প্ৰায় একে ঠাইতে আছে। বিশ্বৰ শৈক্ষিক মান বহুত তলত। জনমুৰি আয়ৰ ক্ষেত্ৰত ভাৰত, পাকিস্তান আৰু বাংলাদেশ এই তিনিখন দেশ একেই মাকৰ পেটৰ পৰা ওলোৱা দেশৰ ভিতৰত ভাৰত দুই নম্বৰত আৰু পাকিস্তান তিনি নম্বৰত। আমাতকৈ দুবছৰৰ পিছত স্বাধীনতা লাভ কৰা প্ৰজাতান্ত্ৰিক চীনৰ জনমুৰি আয় আমাৰ দহ গুণ।
সমস্যা সকলোতে আছিল, আছে আৰু থাকিবও। জৰা, মৃত্যু, বাৰ্ধক্য সদায়েই আছিল, আছে আৰু থাকিবও। কিন্তু বিসংগতিবোৰ একেদৰে থাকি গ’ল কিয়?
ভাৰতবৰ্ষ তাহানিৰে পৰা এখন দেশ যাৰ জীৱন ধৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত। আমাৰ প্ৰাণকেন্দ্ৰত আছে ধৰ্ম। কিন্তু এই ধৰ্মই আমাৰ মানুবোৰৰ দেৱত্ব বিকাশৰ অস্ত্ৰ হোৱা নাই কিয়? ধৰ্মৰ নেতিবাচক বা সংকীৰ্ণ ৰূপ সাম্প্ৰদায়িকতাবাদ আজিও ইমান সক্ৰিয় কিয়? ভাৰতবৰ্ষৰ সংবিধানখন ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতি ধৰ্মনিৰপেক্ষতাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা। তেনেক্ষেত্ৰত আজিও ইয়াকে লৈ বাদ–বিবাদ কিয়?
আদৰ্শগত বিতৰ্ক হ’ব লাগে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ লগত শৈক্ষিক–সাংস্কৃতিক–সামাজিক–ৰাজনৈতিক স্তৰৰ ব্যৱধান কমাব পৰা যায় কেনেকৈ। আমি কাৰো লগত সম্পৰ্ক নৰখাকৈ (Non aligned) আগবাঢ়িম নে বহুত্ববাদক প্ৰাধান্য দি (Multi dimensional alignment) আগবাঢ়িম? পৰিৱৰ্তিত পৰিস্থিতিত আমি কোনবোৰ কথাৰ পৰা এচুলিমান হেৰফেৰ নকৰাকৈ থাকিম?
মুঠতে এই সকলো কথা লৈ এক বিশাল বিতৰ্কৰ পাতনি মেলিব লাগিব (A great debate) যাতে আমাৰ ৰাজনীতি–অৰ্থনীতিৰ পৰা আৰম্ভ কৰি জাতীয় জীৱনক তৃণমূল স্তৰলৈকে বলশালী (Vitalize) কৰিব পাৰো।
আহি থকা ডেৰ হেজাৰ বছৰত ভাৰতে কি কাম কৰিব লাগিব তাৰ অগ্ৰিম প্ৰতিনিধি আছিল স্বামী বিবেকানন্দ (১৮৬৩–১৯০২)। বৰ্তমান সময়ত কান্দোনেৰে ভৰা আমাৰ জীৱনৰ চকুপানী মচিবলৈ জাতীয় জীৱন বিবেকানন্দময় কৰিব লাগিব। স্বামীজীয়ে কৈছিল– সমগ্ৰ পৃথিৱী যেতিয়া কান্দি থাকিব তুমি শুব পাৰিবানে? Can you sleep when the world is crying?? যি কেৱল নিজৰ বাবে জীয়াই থাকে সি জীৱাশ্মহে – They are fossil who live for themselves only.
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News