প্ৰকাশিত তাৰিখঃ ৪ আগষ্ট, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ পলাশবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বান, গড়াখহনীয়া, ভূমি পট্টনৰ দাবীত পলাশবাৰীৰ বৰাতলি নতুন বস্তিত ৩ আগষ্টত এখন সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰমেশ মালীয়ে এই সভাত অংশ গ্ৰহণ কৰে।
উক্ত সভাত উপস্থিতিকালত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় যে– ২০১৫ চনত অসম চৰকাৰে পলাশবাৰীৰ বৰাতলিত এইসকল লোকক সংস্থাপিত কৰিছিল। কিন্তু চৰকাৰে সংস্থাপিত কৰা দিন ধৰি আজিলৈকে বস্তিবাসীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে।
ফটোঃ চানডুবি নিউজ