প্ৰকাশিত তাৰিখঃ ২৬জুন, ২০২৩
কল্প ৰঞ্জন গগৈ –
মৃত্যুঞ্জয়ৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে প্ৰশ্ন কৰিছিল– বিষ্ঞু ৰাভা এতিয়া কিমান ৰাতি? কাৰণ ‘দাচ কেপিটেল’ বহুত বাকী। সেয়ে প্ৰশ্ন কৰিছিল– স্বাধীনতা পালে দেশৰ মানুহ ভাল হ’বনে? বিষ্ঞু ৰাভাসকলে ১৯৪৭ চনতে ক’লে– এই স্বাধীনতা ভূৱা বুলি। ১৯৬৯ চনতে দেহত্যাগ কৰা বিষ্ঞু ৰাভা আৰু দহ বছৰমান থকাহেতেন অসমীয়াৰ বাবে কিমান আশীৰ্বাদ হ’লহেতেন সেৱা হৃদয়ঙ্গম কৰিয়েই ক’ব পৰা যায় যে আজি আমাৰ জাতিৰ সমস্যাৰ ক্ষেত্ৰত আৰু এজন বিষ্ঞু ৰাভাৰ প্ৰয়োজন আছে। বিশেষকৈ সাংস্কৃতিক গণতন্ত্ৰ গঢ়িবলৈ, জ্যোতিপ্ৰসাদে কোৱা জ্ঞানময় তন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে দিহা দিব পাৰিলেহেতেন– জাতিৰ জীৱন সমৃদ্ধ হ’লহেতেন। (দিক্ দৰ্শক বিষ্ঞু ৰাভা)
আজি ৭৭ বছৰৰ স্বাধীনতাই দেশৰ গণতন্ত্ৰক কিমান সৱল কৰিলে আৰু বৰ্তমানৰ স্তৰৰ পৰা উত্তৰন ঘটিবলৈ কিমানটা সাংস্কৃতিক বিপ্লৱ লাগিব তাক ঠিক কৰিবলৈ বিষ্ঞু ৰাভাৰ চিন্তাৰ প্ৰয়োজন।
কাৰ্লমাৰ্ক্স আৰু লেনিনৰ চিন্তাধাৰাই ৰাভাৰ অস্থিৰ জীৱনক সুস্থিৰ কৰিছিল। সেই জীৱনদৰ্শইহে তেওঁক গতি আৰু দিশ দিছিল। সেয়ে তেওঁ শোষিত কৃষক বনুৱাৰ পক্ষত থিয় দিছিল। প্ৰজা দুখীয়াৰ চকুপানী মচাৰ সংকল্প লৈছিল।
আজি দেশত সাম্ৰাজ্যবাদী আদৰ্শৰ দখলত উগ্ৰ জাতীয়তাবাদ– বিজ্ঞানবিৰোধীতাই বৃহৎ শৰীৰ লাভ কৰিছে। সেয়ে যুদ্ধ–হত্যা–আত্মহত্যাৰ বেহুৰ ভিতৰত পৃথিৱীৰ জনতা। তাৰ প্ৰভাৱ অসম তথা ভাৰতত। ঘৰে ঘৰে।
বিষ্ঞু ৰাভাৰ আদৰ্শৰে অসমৰ সমাজ আগবাঢ়িবলৈ– নতুন সাহিত্য– সংস্কৃতি গঢ়িব লাগিব। পুৰণিৰ মহৎ হ’ব ইয়াৰ ভেটি। অসমীয়া ডেকাদলে এই পথ ল’বলৈ খেতিয়কৰ ওচৰ চাপিব লাগিব। মধ্যবিত্তৰ অপসংস্কৃতিৰ পৰা মুক্ত হ’ব লাগিব। নতুন শিল্পী সাহিত্যিকৰ দলৰ দিক্ দৰ্শক বিষ্ঞু ৰাভা। বহুতে কয় বিষ্ঞু ৰাভাই আত্ৰানি কৰিছিল। বহুতে কয় যে সমাজ বিকাশৰ বিষয়ে তেওঁৰ ধাৰণা বৰ সঠিক নহয়। বিষ্ঞু ৰাভাই আত্ৰানি কৰিছিল সময়ৰ দুৰ্বাৰ গতি দেখি। আজি গণতন্ত্ৰৰ বিপৰ্যয় ঘটিছে মণিপুৰত। ই ভাৰতবৰ্ষৰ বিপৰ্যয়। পুৰণি বৰ্বৰ সমাজৰ উভতনি আৰু দখল। ৰাভাৰ পথেৰে গ’লেহে এই দুষ্কৃতিৰ অৱসান ঘটিব। অসমীয়া ডেকাদলে শিকিব লাগিব। শত্ৰু–মিত্ৰ চিনিব লাগিব। শত্ৰুকো জিনিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News