প্ৰকাশিত তাৰিখঃ ৬ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত (এ পি এছ চি) সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী পশু চিকিৎসা বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হল অৰূপ ডেকাই। অৰূপ ডেকা গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ জয়ন্তীপুৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি অতি দুৰ্বাৰ হেপাহ আছিল অৰূপ ডেকাৰ।
পিতৃ পৰেশ চন্দ্ৰ ডেকা আৰু মাতৃ ৰুক্মিণী ডেকাৰ সুযোগ্য সন্তান অৰূপে নিজৰ শৈক্ষিক সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছিল। ইপিনে পিতৃ পৰেশ চন্দ্ৰ ডেকা নিজৰ ঘৰখনৰ কিছু দূৰৈৰ মৈৰাপুৰ মধ্য ইংৰাজী বিদ্যালয়ত সুদীৰ্ঘকাল শিক্ষকতা কৰিছিল চৰকাৰী বেতন অবিহনে। পৰেশ চন্দ্ৰ ডেকাই বিনা বেতনে শিক্ষাৰ নামত নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে নিজৰ সন্তানকো দিছিল উপযুক্ত শিক্ষাৰ সুবিধা।
যাৰ বাবে আজি অৰূপ ডেকাই অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী চিকিৎসক হ’বলৈ সক্ষম হ’ল।
বৃহত্তৰ ৰাণী অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান কাঁহাৰপাৰা ‘বিষ্ণু-জ্যোতি’ই আজি অৰূপ ডেকাক মানপত্ৰ, গামোচা, শৰাই, জাপি আৰু ফুলৰ থোপাৰে নিজ বাসগৃহত সম্বৰ্দ্ধনা জনায়।বিষ্ণু-জ্যোতি সংঘৰ সভাপতি পৰাগজ্যোতি দাস, সম্পাদক ধৰ্মেন্দ্ৰ দাস, উপ–সভাপতি ৰজনী দাস, সক্ৰিয় সদস্য ক্ৰমে ৰিতেন দাস আৰু ধনঞ্জয় দাসে এই সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ গ্ৰহন কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ