Thursday, February 6, 2025
HomeNEWSঅক্লান্ত কৰ্মী বিৰুবালা ৰাভা

অক্লান্ত কৰ্মী বিৰুবালা ৰাভা

প্ৰকাশিত তাৰিখঃ ১৩ মে’, ২০২৪

বিৰুবালাৰ মৃত্যুত শোক প্ৰকাশ–
০ নিখিল ৰাভা জাতীয় পৰিষদ ০০ চৰ–চাপৰি সাহিত্য পৰিষদৰ

পদ্মশ্ৰী ড বিৰুবালা ৰাভা– এক সংগ্ৰামী সত্বা। গোৱালপাৰা জিলাৰ অসম–মেঘালয় সীমাৰ অতি ভিতৰুৱা গাঁৱৰ বাসিন্দা বিৰুবালাৰ শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণী। সেইগৰাকী বিৰুবালা ৰাভাই আজি দুটা দশক ধৰি ডাইনী প্ৰথাকে ধৰি অন্ধবিশ্বাস, সমাজৰ কু–সংস্কাৰৰ বিৰুদ্ধে থিয় দিছিল। এসময়ত সমাজে বিৰুবালাকো ডাইনী প্ৰথাৰে অভিযুক্ত কৰিছিল। যদিও– সাহসেৰে প্ৰতিবাদ কৰিছিল আৰু সমাজক কৈছিল– ডাইনী প্ৰথা এক সামাজিক ব্যাধি। ২০১১ চনত একক প্ৰচেষ্টাৰে গঠন কৰিছিল ‘মিছন বিৰুবালা’। ২০১২ চনত অসম চৰকাৰে মিছন বিৰুবালাক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়ে। মিছন বিৰুবালাই ডাইনী প্ৰথাৰ বিৰুদ্ধে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সজাগতাৰ সৃষ্টি কৰি ফুৰিছিল। অক্লান্ত কৰ্মী বিৰুবালাই অন্ধবিশ্বাসৰ বলি হোৱা ৩৪গৰাকীকৈ লোকৰ প্ৰাণ ৰক্ষা কৰে। শান্তিৰ নৱেল বঁটাৰ বাবে মনোনীত বিৰুবালা ৰাভা অৱশেষত কৰ্কট ৰোগত আক্ৰান্ত হৈ অন্য এখন যুঁজ চলাই যাবলগীয়া হৈছিল। অৱশেষত নেত্ৰীগৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিলে। মিছন বিৰুবালাৰ কাম–কাজ আধাতে সামৰি থৈ গুছি গ’ল অজান দেশলৈ– পুনৰ ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে। নেত্ৰীগৰাকীৰ অনুপস্থিতিয়ে ডাইনী প্ৰথাৰ বিৰুদ্ধে চলাই অহা সংগ্ৰামখনত বিৰাট শূন্যৰ সৃষ্টি কৰিব। এইদৰে শোক প্ৰকাশ কৰে– নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই।

আনহাতে, চৰ-চাপৰি সাহিত্য পৰিষদেও বিৰুবালা ৰাভাৰ মৃত্যুত শোক প্ৰকাশ কৰে। পৰিষদৰ সভাপতি ড হাফিজ আহমেদ আৰু সম্পাদক আনোৱাৰ হুছেইনে কয় যে, কু-সংস্কাৰ আৰু অন্ধ বিশ্বাস, বিশেষকৈ ডাইনী আৰু ডাইনী হত্যাৰ বিৰুদ্ধে অতি সাহসিকতাৰে সংগ্ৰাম কৰা পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুৰ বাতৰিয়ে আমাক বৰ মৰ্মাহত কৰিছে। চৰ-চাপৰি সাহিত্য পৰিষদৰ তৰফৰ পৰা বীৰুবালা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো আৰু প্ৰান্তীয় শ্ৰমজীৱি মানুহৰ বাবে কাম কৰা বীৰুবালা লৈ অকৃত্ৰিম শ্ৰদ্ধা নিবেদন কৰিছো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward