প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০২৪
কল্প ৰঞ্জন গগৈ –
তৰোৱালতকৈ কলম শক্তিশালী বুৰঞ্জী লিখে কলমে, লেখাৰুৱে। তৰোৱালক বিদায় দিয়াৰ কথা কৈছিল। নৱম অৱতাৰ তথা অন্তিম অৱতাৰ বুদ্ধই। মানুহৰ বুৰঞ্জী লিখিছিল চক্ৰেটিছ, গ্যেলিলিওৱে– হিটলাৰে নহয়।
কিছুদিন আগতে আমাৰ প্ৰধামন্ত্ৰীয়ে পুটিনক কৈ আহিল– যুদ্ধৰ দিন শেষ। পুটিনৰ সন্মুখৰ বাস্তৱ পৰিস্থিতিয়ে কিন্তু যুদ্ধৰ শেষ বুলি নকয়। যুদ্ধ আৰম্ভহে হয়। ইয়াক শেষ কৰিব নোৱাৰি। মাৰ্কিন যুক্তৰাজ্যই আৰম্ভ কৰা ভিয়েটনামৰ যুদ্ধখন এযুগতকৈ বেছি দিন চলিছিল।
সেয়ে যুদ্ধৰ দিন শেষ বুলি ক’লেও নেমানে। কিন্তু কোনে? যুদ্ধৰ বাবে প্ৰকৃত দোষী কোন? দেশৰ সাধাৰণ জনতা নে ডা–ডাঙৰীয়াসকল?
এখন দেশে গঠন কৰে প্ৰতিৰক্ষা সেনানী। সাধাৰণ মানুহৰ ঘৰৰ সন্তানসকলেই প্ৰতিৰক্ষাৰ সৈনিক। আনকি দখলদাৰী ব্ৰিটিছৰ সৈন্য সকলো দেশৰ প্ৰতিৰক্ষাৰ লক্ষ্যৰেহে দল বান্ধিছিল। আক্ৰমণৰ বাবে নহয়। সমগ্ৰ বিশ্বৰ শান্তিৰ লক্ষ্যৰেহে প্ৰতিৰক্ষা বাহিনী গঢ়া হৈছিল। প্ৰতিৰক্ষাৰ শিক্ষা দিয়া স্কুল–ক’লেজ নিৰ্মাণ কৰা হৈছিল। এই প্ৰতিৰক্ষাৰ নামত হেজাৰ–কোটি কৈ ব্যয়। কিন্তু কাৰ লাভৰ বাবে? আমি কিন্তু এটা কথাই জানো যে যুদ্ধ মানে অন্ধকাৰ। ব্ৰিটিছ কোম্পানীৰ তলত আছিলো ১৯৪৭ চনলৈ, দুটা শতিকা। এই দুটা শতিকাৰ সময়ছোৱাত আমাৰ দেশৰ কৃষকৰ সন্তানসকলক লৈ বাহিনী গঢ়ি ব্ৰিটিছে আক্ৰমণ কৰিছিল আন দেশক। আমাৰ দেশ হৈ পৰিল আক্ৰমণকাৰী। ব্ৰিটিছ প্ৰতিৰক্ষা বাহিনীৰ সদস্য ৰূপে। তেনেকৈয়ে শত্ৰুতাই গঢ় ল’লে।
১৯০৪ চনত ব্ৰিটিছৰ নেতৃত্বত ভাৰতীয় সৈনিকৰে গঢ়া বাহিনী এটাই হিমালয়ৰ পাদদেশত হেজাৰ হেজাৰ তিব্বতীক হত্যা কৰি ৰাজধানী লাচা দখল কৰে। এই অভিযানটোৰ নাম ইয়ং হাজবেণ্ড অভিযান (Young Husband Expedition 1904)। ইয়াৰ দহ বছৰৰ পিচত ছাৰ হেনৰী মেকমোহন চীন–ভাৰতৰ সীমা মেকমোহন ৰেখাডাল আঁকে। আজি চীন আৰু ভাৰতৰ মাজৰ সীমাই হৈছে এই ৰেখাডাল। ঔপনিৱেশিক যুগৰ এই বোজা দেশ দুখনৰ জনগনে আজিও বহন কৰি আছে। সেয়ে দুয়োখন দেশ অশান্ত– নিজৰ ভৌগোলিক প্ৰতিৰক্ষাৰ বাবে। যুদ্ধ নাই বুলি ক’লেও যুদ্ধই মতিচ্ছন্ন কৰি ৰাখে। সেয়ে বুদ্ধ আজি অতিকৈ প্ৰাসংগিক– যুদ্ধৰ অন্ত পেলাবলৈ।
১৯৪৭ চনত দেশ স্বাধীন হৈছিল। এখন দেশ তিনিটা খণ্ডত বিভক্ত হৈ। সীমা নিৰ্দ্ধাৰণ কৰিছিল ৰেডক্লীফ চাহাবে (Radcliffe)। হিন্দু–মুছলমানৰ যুঁজৰে দেশ স্বাধীন হৈছিল। বিষ থৈ গৈছিল দখলদাৰী চাহাবে। আজি চাৰে সাত দশকৰ পিচতো ৰেডক্লীফ আৰু মেকমোহন চাহাবে আমাক এৰা নাই।
আজি নতুন কলমেৰে নতুন বুৰঞ্জী লিখিবলৈ দেশৰ জনগনে নিজকে প্ৰস্তুত কৰিব লাগিব। প্ৰথমে প্ৰশ্ন কৰিব লাগিব আমাৰ স্বাধীনতাৰ চৰ্তবোৰ কি আছিল। সেইখন দলিল সকলোৱে দেখা পাবই লাগিব।
দেশ যিহেতু জনগণৰ দ্বাৰা, জনগণৰ বাবেহে হ’ব লাগে, সেয়ে জনগনেহে নিৰ্দ্ধাৰণ কৰিব লাগিব দেশৰ ভৱিষ্যতৰ কৰ্মসূচী। জনগনেই হ’ব দেশৰ বিশেষজ্ঞ, দেশৰ ভাগ্যবিধাতা। বুদ্ধৰ পিছত কোনো নাই।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News