Sunday, June 22, 2025
HomeARTICLEবৃত্তৰ বাহিৰৰ চিন্তা

বৃত্তৰ বাহিৰৰ চিন্তা

প্ৰকাশিত তাৰিখঃ ১২ মে’, ২০২৫

কল্প ৰঞ্জন গগৈ –

১৮২৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টলৈ অসম ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ দখলত। মৃত্যুঞ্জয় উপন্যাসযোগে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে প্ৰশ্ন কৰিছিল– স্বাধীনতা পালেই দেশবাসী ভাল হ’বনে? বিষ্ঞু ৰাভাসকলৰ লগৰ প্ৰগতিবাদী সকলে স্পষ্টভাৱে কৈছিল– এই স্বাধীনত ভূৱা। দ্বি–খণ্ডিত ভাৰতবৰ্ষ কেতিয়াও স্বাধীন হ’ব নোৱাৰে। দেশৰ গৰিষ্ঠ সংখ্যক জনগণ কৃষকে কৰা স্বাধীনতা সংগ্ৰামৰ ফচল ১৫ আগষ্ট ১৯৪৭ হ’বই নোৱাৰে। বিশ্বযুদ্ধৰ ধামখুমীয়াত পৰি প্ৰায় দুশবছৰ ৰাজত্ব কৰি দেশখনত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰি দেশত তেজৰ নৈ বোৱাই থৈ গৈছিল। জনজীৱনৰ অপূৰণীয় ক্ষতি কৰি ১৯৪৬ খ্ৰীষ্টাব্দৰ ১৮ ফেব্ৰুৱাৰীৰ বোম্বেৰ নৌ বিদ্ৰোহৰ ভয়ত নতুন ব্ৰিটিছ প্ৰধামন্ত্ৰী ক্লিমেণ্ট এটলিয়ে যিমান সোনকালে পাৰি ভাৰত ত্যাগৰ পোষকতা কৰিলে। ধৰি ল’লে যে ১৮৫৭ চনৰ দৰে এক জাগৰণে সাম্ৰাজ্যবাদী শক্তিক কচুকটা দিব। সেই কথা আগত ৰাখি তেওঁ চৰকাৰীভাৱে ঘোষণা কৰিলে যে অনতিপলমে ভাৰতৰ স্বাধীনতা ঘোষণা কৰিব। সেয়ে ১৯৪৭ খ্ৰীষ্টাব্দৰ ৩০ জুনৰ ভিতৰত ভাৰতক স্বাধীনতা দিব। এই ঘোষণা কৰি লৰ্ড মাউণ্টবেটেনক অন্তিমগৰাকী ভাইচৰয় হিচাপে নিযুক্তি দিলে। ভাৰতক খণ্ডিত কৰাৰ কাৰ্যসূচী তেওঁৰেই।

১৯৩৯ খ্ৰীষ্টাব্দৰ পৰা মহাত্মা অকলশৰীয়া। মৃত্যুৰ আগলৈকে তেখেতৰ কঠিনতম বছৰ। নতুন ভাইচৰয়ক একাধিকবাৰ অনুৰোধ– দেশৰ সৰ্বনাশ কৰা সিদ্ধান্তৰ পৰা বিৰত থকাৰ নিৰুপায় গান্ধীজীৰ ঘোষণা। তেখেতৰ মৃতদেহৰ ওপৰেদিহে ভাৰত দ্বি–খণ্ডিত হ’ব।

কিন্তু ভাৰত খণ্ডিত হ’ল। নিযুতৰ হাৰত নিৰীহ জনতাৰ প্ৰাণদান, ৰক্তদান। অৱশেষত কাৰ্যসূচীৰ ‘শলাগৰ শৰাই’ হিচাপে ১৯৪৮ খ্ৰীষ্টাব্দৰ ৩০ জানুৱাৰীত মহাত্মাক হত্যা। ১৯৪৮খ্ৰীষ্টাব্দৰ ১২ জানুৱাৰীত গান্ধীৰ অন্তিম অনশন। এই কাৰ্যত চৰ্দাৰ বল্লভভাই পেটেল বাৰুকৈয়ে ক্ষুণ্ণ। হিন্দু চৰমপন্থীসকলে তেখেতৰ প্ৰতি অতিশয় বিতুষ্ট। শিখসকলো বিতুষ্ট।

মহাত্মাগান্ধীৰ দৈনিক প্ৰাৰ্থনা সভাত মদনলাল নামৰ এজন পাকিস্তানী শৰণাৰ্থীয়ে ২০ জানুৱাৰীত বোমা দলিয়াইছিল। সকলোৱে চৰ্দাৰ পেটেলক অনুৰোধ কৰিলে যে গান্ধীজীক উচিত সুৰক্ষা দিব লাগে। তাৰ দহদিনৰ পিছত আততায়ীৰ গুলিত মহাত্মাই প্ৰাণ এৰিলে।

মহাত্মাই মুক্তি পালে হয়, কিন্তু দেশবাসীয়ে? ৰোগৰ বীজাণু থাকি গ’ল। সন্ত্ৰাসবাদ থাকি গ’ল। আজি পৰ্যন্ত থাকি গ’ল খণ্ডিতকৰণৰ ঘাঁবোৰ। থাকি যোৱা বিভেদৰ ভাইৰাছ অধিক শক্তিশালী হ’ল।

আজি ভাৰতবাসীৰ সন্মুখৰ কঠিন কৰ্তব্য সন্ত্ৰাসবাদৰ মূল শিপা উভালিব লাগিব। আজিৰ বিশ্ব পৰিস্থিতিয়েহে ক’ব ক’ত আঘাত কৰিব লাগিব। সঠিক চিন্তা, সঠিক মতাদৰ্শৰ বাবে লাগিব বৃত্তৰ বাহিৰৰ চিন্তা– Out of the Box Thinking ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward