প্ৰকাশিত তাৰিখঃ ৭ এপ্ৰিল, ২০২৫
গণিত বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ
চানডুবি নিউজ ৰিপ’ৰ্ট –
ইণ্ডিয়ান টেলেণ্ট অ’লিম্পিয়াড ২০২৪-২৫’ৰ অফলাইন ব্যৱস্থাৰ চূড়ান্ত ফলাফল সমূহ ইতিমধ্যে সংস্থাই নিজৰ ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰিছে। মুঠ দুটা ৰাউণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত বেলি একাডেমিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰত্ন দাসে জনাইছে।
ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৭গৰাকী মইনাই ২৯টা বিষয়ত সৰ্বভাৰতীয় ভিত্তিত শীৰ্ষ ১০০ৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ মইনা মান্যতা দাসে গণিত বিষয়ত সৰ্বভাৰতীয় ভিত্তিত পঞ্চম স্থান লাভ কৰাৰ উপৰি গণিত বিষয়ত ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মইনা গৰাকীয়ে ইয়াৰ বাবে আই টি অ’ৰ তৰফৰপৰা বিশেষ জলপানি লাভ কৰিব। আন দুগৰাকী মইনা ক্ৰমে প্ৰথমশ্ৰেণীৰ আয়ুস কলিতা আৰু তৃতীয় শ্ৰেণীৰ ৰাখী দাসে গণিত আৰু বিজ্ঞান বিষয়ত সৰ্বভাৰতীয় ভিত্তিত ১৪ আৰু ১৫ সংখ্যক স্থান লাভ কৰি এক্সচেলেঞ্চ মেডেল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ১৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰ্বমুঠ ২৬টা বিষয়ত বিষয় অনুসৰি শীৰ্ষ ১০০টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বিগত বৰ্ষতো বিদ্যালয়খনৰপৰা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০০টা স্থানত নাম সন্নিবিষ্ট কৰিছিল লগতে দেশৰ শীৰ্ষ ১০০০বিদ্যালয়ৰ তালিকাত বেলি একাডেমিয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে সৰ্বভাৰতীয় ভিত্তিত আয়োজিত প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়খনৰ ধাৰবাহিক আৰু ক্ৰমবৰ্ধমান সফলতাই অঞ্চলবাসী ৰাইজৰ লগতে শৈক্ষিক মহলক উৎসাহিত কৰি তুলিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ