প্ৰকাশিত তাৰিখঃ ১৯ নৱেম্বৰ, ২০২১
অগ্ৰণী সংবাদ
চি এন ডেস্ক –
পলাশবাৰীৰ ৰাজহ চক্ৰৰ আমৰাঙ্গা–বৰিহাট ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ আমন্ত্ৰণত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে অহা ৩, ৪ আৰু ৫ জানুৱাৰীত নাট মঞ্চস্থ কৰিব। এই সন্দৰ্ভত সংঘই আজি নিজ কাৰ্যালয় গৃহত নাট প্ৰদৰ্শনীৰ টিকট উদ্বোধন কৰে। অৰুণোদয় কালচাৰেল ক্লাৱ, শিকাৰহাটীৰ সভাপতি ৰাজধৰ কলিতা আৰু দাস কনষ্ট্ৰাকছনৰ কনিষ্ঠ অভিযন্তা সমৰজিৎ দাসে নাট প্ৰদৰ্শীনৰ টিকট উদ্বোধন কৰে। লগতে নাট প্ৰদৰ্শনীৰ টিকট গৃহৰ অস্থায়ী কাৰ্যালয় মুকলি কৰে প্ৰাক্তন শিক্ষক তথা সংঘৰ উপদেষ্টা নগেন্দ্ৰ নাথ দাসে।
থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি কুশল মহন্তই সঞ্চালনা কৰা টিকট উদ্বোধনী সভাখন সম্পাদক বিশ্বজিৎ ঠাকুৰীয়াই আতধৰে। সংঘৰ সভাপতি ভাৰত দাস, প্ৰাক্তন সভাপতি লক্ষী ঠাকুৰীয়া, যতীন্দ্ৰ নাথ দাস, প্ৰাক্তন সম্পাদক কন্দৰ্প দাসকে আদিকৰি কেইবাগৰাকীও বিষয়ববীয়াই দিয়া ভাষণ প্ৰসংগত ভ্ৰাম্যমাণ নাটদলটিৰ জয়যাত্ৰা কামনা কৰে।
টিকট উদ্বোধনী আৰু অস্থায়ী কাৰ্যালয় গৃহ মুকলি অনুষ্ঠানত থিয়েটাৰ পৰিচালনা সমিতিৰ উপ–সভাপতি গৌতম কুমাৰ দাস, সহকাৰী সম্পাদক ভাস্কৰানন্দ কলিতা, জীতু দাস, বিত্ত সম্পাদক প্ৰাঞ্জল কুমাৰ দাস, প্ৰচাৰ সম্পাদক বাবুল কলিতাকে আদিকৰি বহুকেইজন বিষয়ববীয়াই সহযোগ আগবঢ়ায়।
সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সংঘৰ প্ৰাক্তন সম্পাদক দীপক দাসে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News