প্ৰকাশিত তাৰিখঃ ১ ছেপ্টেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ মূখ্য কাৰ্যালয় চৌহদত ২৯ আগষ্টৰ পৰা দুদিনীয়াকৈ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়।
উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীটোৰ উত্তৰ–পূৱ মণ্ডলৰ অধীনৰ আন্তঃবেটেলিয়ন আৰু গ্ৰুপ চেণ্টাৰৰ প্ৰতিযোগীসকলে অংশ গ্ৰহণ কৰিছিল।
উক্ত প্ৰতিযোগিতাখনত উত্তৰ–পূৱ মণ্ডলৰ অধীনৰ দহটা বেটেলিয়ান ক্ৰমে- ১০, ৪৮, ৬৭, ১২০, ১২৮, ১২৯, ১৩৬, ১৪৭, ১৫৬, ১৭৫ৰ উপৰিও দুটাকৈ গুৱাহাটী আৰু শিলচৰ গ্ৰুপ চেণ্টাৰ সহ মুঠ ১২টা দলে অংশ গ্ৰহণ কৰিছিল।
৩০ আগষ্টত বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত ১৫৬ বেটেলিয়নে ১২৯ বেটেলিয়নক নকআউট পদ্ধতিত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।
প্ৰতিযোগিতাৰ সামৰণিত আয়োজিত এক অনুষ্ঠানত বিজয়ী আৰু বিজিত দলক বঁটা সমুহ বিতৰণ কৰে ১৭৫ বেটেলিয়নৰ চেকেণ্ড-ইন-কমাণ্ড অমিত সিং, ডেপুটী কমাডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ কুমাৰকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ