প্ৰকাশিত তাৰিখঃ ১৬ ডিচেম্বৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
প্ৰাক্–ঔপনিৱেশিক যুগত দিল্লীৰ মোগলক ঘিলাঝাৰি ঘাটৰ সন্ধি নেমানো বুলি লাচিতে শৰাইঘাটত ভেটা দি ১৬৭১ খ্ৰীষ্টাব্দত কৰতোৱা নদী পাৰ কৰি দিছিল। তাৰপিছত গদাধৰ সিংহই ১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলিৰ যুদ্ধত চূড়ান্ত কৰাৰ বাবে মানাহ নদী পাৰ কৰি মোগলক এইমুৱা হোৱা বন্ধ কৰিলে।
১৭৯২ খ্ৰীষ্টাব্দত ৰজা গৌৰীনাথ সিংহই নিজৰ প্ৰজাক দমনৰ বাবে দখলদাৰ হিচাপে বগা বঙালক মাতি আনিলে। ১৮২৪–২৫ চনৰ ইংৰাজ–মান যুদ্ধৰ পৰিণতিত ২৪ ফেব্ৰুৱাৰী ১৮২৬ খ্ৰীষ্টাব্দত তেতিয়াৰ অসম বেদখল কৰিলে। এইবাৰ আমাৰ ভাষাত ধৰি ১৮৩৬–১৮৭৩ চন পৰ্যন্ত ভাষাটোক গৃহহাৰা কৰিলে। মিচনাৰীসকলৰ প্ৰচেষ্টাতহে ভাষাটোৱে নিজৰ দখল ঘূৰাই পালে ১৮৭৩ খ্ৰীষ্টাব্দত। আজি একৈশ শতিকাৰ ৮ম অনুসূচীত অন্তৰ্ভূক্ত অসমীয়া ভাষাই ধ্ৰুপদী সন্মান লাভ কৰিলে। সেয়ে আমাৰ জাতীয় শিক্ষাৰ সংগঠনবোৰৰ দায়িত্ব বাঢ়িল। বিশেষকৈ সমাজখনৰ লাইখুঁটা স্বৰূপ মধ্যশ্ৰেণী (Middle Class) আৰু লগতে মধ্যবিত্তসকলৰ (Middle Income Group)। আমাৰ বাবে সৰ্বস্ব হেৰুওৱা সৰ্বহাৰাসকলে–পাইকসকলে ১৬ বাৰ মোগল–তুৰ্বকক ভেটা দিয়াৰ দৰে ভাষাৰ বৰভেটিটো আটিলকৈ ধৰি ৰাখিছো।
আমাৰ কছাৰীৰ দোৱানহে আছিল। প্ৰথম কিস্তিত লিপিৰ দাবীত ৰোমান লিপিৰ বাবে যি সংগ্ৰাম হৈছিল সেই সংগ্ৰামৰ উত্তৰসূৰী হিচাপে বডৌফা উপেন ব্ৰহ্মৰ নেতৃত্বত যি সংগ্ৰাম হৈছিল তাৰ পৰিণতিত বড়ো ভাষা সংবিধানৰ ৮ম অনুসূচীৰ অন্তৰ্ভূক্ত হ’ল।
ভাৰতীয় প্ৰখ্যাত ভাষাতাত্বিক ড০ সুনীতি কুমাৰ চট্টোপধ্যায়ে সন্দেহ কৰিছিল যে ভাষা হিচাপে বড়ো বৰ্তি নেথাকিব। বড়ো জাগৰণে ইয়াৰ ৰূপ সলনি কৰি দিলে। সেইবাবেই অসমৰ সকলো নেতাৰ ওপৰত বডৌফাক স্থান দিওঁ। লগতে ইয়াকো অনুভৱ কৰো যে অসমীয়া ভাষাক জাগ্ৰত কৰা বাবে আকৌ এজন বডৌফাৰ প্ৰয়োজন।
ৰামসিংহৰ বাহিনীক লাচিতৰ বাহিনীয়ে ভেটা দিছিল। কিন্তু বৰফুকন বাদুলীয়ে–লালুকসোলাই মীৰজুমলা বাহিনীক আদৰি আনিছিল। কিন্তু পোতাকলঙৰ কোঠত মনথীৰ ভৰালী বৰুৱা, লেচাম হাতীবৰুৱাৰ ক্ষুদ্ৰ পাইক বাহিনীয়ে বাধা দিছিল।
বগা বঙালৰ বাহিনীক আদৰি আনিছিল ৰজা গৌৰীনাথে। সেইদৰে মান বাহিনীক আনিছিল চন্দ্ৰকান্ত সিংহ, বৰফুকন বদনে ডাঙৰীয়া পূৰ্ণনন্দৰ বিৰুদ্ধে। ফল কি হ’ল সকলোৱে জানে।
সেয়া যেনিবা প্ৰাক–ঔপনিৱেশিক যুগত। ঔপনিৱেশিক যুগত সেই সুবিধাভোগী মধ্যবিত্তসকলে ঔপনিৱেশিক বেদখলকাৰীসকলক দখল স্থায়ী কৰিবলৈ সুবিধা কৰি দিছিল। দেচি বিত্তবান বনিয়াসকলেই ১৮২৬–১৯৪৭ লৈ তেখেতসকলক থাকিবলৈ বৰপীৰা পাৰি দিছিল।
সেয়ে আজি আমি ভাষাৰ দিশত সন্দিহান। যেহেতু অৰ্থনীতি আৰু ৰাজনীতি দূৰ্বল আৰু সেয়ে উপৰিসৌধ সংস্কৃতিৰ অৱস্থাও সোলোক–ঢোলোক। একে সময়তে বুৰঞ্জীৰ পৰাও বহুত শিকিবলগীয়া আছে। অতীতৰ পৰা উপনিৱেশোত্তৰ– আজিলৈ।
আজিৰ পৰিস্থিতিত অসমীয়া ভাষা আৰু জাতি জাগৃতকৰণৰ লগতে ইয়াৰ অৱলুপ্তিৰ আশংকাৰ পৰা মুক্ত কৰিবলৈ এক বিশাল আৰু লগতে প্ৰকৃত আত্মনিয়ন্ত্ৰনৰ বাবে আঁচনি লাগিব। বডৌফা উপেন ব্ৰহ্মৰ দৰে নেতা লাগিব। ১৮৭৩ চনৰ ভাষা পুনৰসংস্থাপনৰ (Reinstalment) পিচত, যদিও ভাষাৰ নিৰাপত্তাৰ বাবে চিন্তা নাছিল। তথাপিও ১৯৬০–৭২ আৰু তাৰ পিচত ১৯৬৯–৭৫ জাতিৰ আত্মনিয়ন্ত্ৰনৰ অধিকাৰৰ বাবে তথা মুক্তি বাহিনীৰ (ULFA) আৰু তাৰ পিচৰ ঘটনাৱলীলৈ গতি কৰোতে প্ৰতিটো জাতি জাগৰণৰ ইস্তাহাৰৰ (Manifesto) বিষয়ে জনসাধাৰণক অৱগত কৰিব লাগিব।
মোগল–তুৰ্বকক সফলভাৱে ভেটা দিয়া আমাৰ পাইক–প্ৰজাই যিহেতু জাতিক প্ৰতাৰনা কৰাৰ নজীৰ নাই। সেয়ে ভাষা–সংস্কৃতি–অৰ্থনীতি–ৰাজনীতি জাগৰণৰ বাবে তেওঁলোকেই প্ৰকৃত সৈনিক।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News