প্ৰকাশিত তাৰিখঃ ৯ নৱেম্বৰ, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
আমৰাংগা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ সহযোগত সাহিত্যানুষ্ঠানটোৰ কাৰ্যালয়ত ৮ নৱেম্বৰত ভাষা গৌৰৱ সপ্তাহ পালন কৰা হয়। এই উপলক্ষে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান বিষয়ত এখনি সভা অনুষ্ঠিত কৰা হয়।
নৱাৰুণ সাহিত্য সভাৰ সভাপতি কমলা কান্ত দাসে সভাপতিত্ব কৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আমৰাংগা গাঁও পঞ্চায়তৰ সচিব কেশৱ চন্দ্ৰ কাকতিয়ে।অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান তলোৱা সক্ৰিয় ভূমিকা আৰু আগ্ৰহৰ বাবে অসমৰ ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
এই সভাত নৱাৰুণ সাহিত্য সভাৰ উপ–সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক মিতুমনি দাস, নৱ নিৰ্বাচিত সভাপতি উপেন্দ্ৰনাথ ঠাকুৰীয়া, প্ৰাক্তন উপ-সভাপতি গিৰিশ চন্দ্ৰ দাস, জেষ্ঠ সদস্য গণেশ্বৰদাস, গজেন্দ্ৰজিৎ দাস, আনন্দ দাস, মুনিন্দ্ৰ দাস, উমেশ শৰ্মা, আকাশ উপ-সমিতিৰ আহ্বায়িকা বিজু গোস্বামীৰ লগতে পঞ্চায়তৰ কৰ্মীসকলে অংশ গ্ৰহণ কৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News