Tuesday, June 3, 2025
HomeARTICLEঅসন্তুষ্ট ৰাভা হাছংবাসী, বৰদুৱাৰ চাহ বাগিচাত ভূমিৰ অধিকাৰ বিচাৰি পুনৰ আন্দোলন চলিব...

অসন্তুষ্ট ৰাভা হাছংবাসী, বৰদুৱাৰ চাহ বাগিচাত ভূমিৰ অধিকাৰ বিচাৰি পুনৰ আন্দোলন চলিব নেকি?

প্ৰকাশিত তাৰিখঃ ২ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ জিলাৰ বৰদুৱাৰ প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অঞ্চল। এইখন বৰদুৱাৰত ১৮৬১ চনত ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰে চাহখেতিৰ পাতনি মেলিছিল। বামানলুৰী টী কোম্পানী আৰু এনড্ৰিয়ুল কোম্পানীয়ে যুটীয়াভাৱে বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানী গঠন কৰিছিল। ব্ৰিটিছ চৰকাৰে বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানীলৈ ১৩,৭০০ বিঘা ভূমি চাহখেতিৰ বাবে আৱণ্টন দিছিল। যদিও এনড্ৰিউয়ুল কোম্পানীৰ মালিক ই পি আৰ গিলমেনৰ অধীনলৈ আহিছিল বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানী। ১৯২২চনত গিলমেনে এৰি দিয়াত কলিকতাৰ বণিক চান্দমল ভাটিয়া বৰদুৱাৰচাহ বাগিচাৰ গৰাকী হৈ পৰে। চান্দমল ভাটিয়াৰ মৃত্যুৰ পাছত ভাতৃ পদুমচান্দ ভাটিয়াই চাগিচাৰ স্বত্বাধিকাৰ লাভ কৰে।

উল্লেখ্য যে বৰদুৱাৰ চাহ বাগিচা স্থাপনৰ বহু বছৰ পূৰ্বে সেই স্থানত জনজাতীয় লোকৰ গাঁও আছিল। সেই স্থানতে ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে অনুমতি দিয়াত জনজাতীয় গাঁওসমূহ বাগিচাৰ মাজে মাজে থাকি গৈছিল। সেই গাঁওকেইখন বৰ্তমান কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ মৌজাৰ ১, ২ আৰু ৩নং বাগান ৰাজহ গাঁওৰূপে স্বীকৃত। ২,১০০টা জনজাতীয় পৰিয়ালে বসবাস কৰা উক্ত গাঁওকেইখনৰ জনসংখ্যা ৫হেজাৰৰ অধিক।

উল্লেখনীয় যে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে চাহ বাগিচাৰ গাঁওকেইখনৰ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন চলাই অহা আজি বহু বছৰেই হ’ল। প্ৰায় ৬০০ পৰিয়ালে ৰায়তীৰ অস্থায়ী খতিয়ান লাভ কৰিছে। কিন্তু ভূমিৰ স্থায়ী অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাই। তেনে এক সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত এডভাণ্টেজ অসম বিষয়ক আঁচনিৰ পৰ্যালোচনা চলাই থকা দেখা গৈছে। তাৰ ভিতৰত পলাশবাৰী সমষ্টিৰ বৰদুৱাৰৰ চেটেলাইট টাউনশ্বিপ অন্যতম। মুখ্যতঃ সমষ্টিটোৰ বৰদুৱাৰত ১,৫০০ একৰ অৰ্থাৎ ৪,৫০০ বিঘা ভূমিৰ প্ৰসংগই স্থান লাভ কৰিছে। এই সংবাদ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল চাইটত প্ৰকাশ পোৱাৰ পিছত সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰে। ইয়াৰ লগে লগে দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰবাসী ৰাইজ, জাতীয় দল–সংগঠন সমূহ জাঙুৰ খাই উঠে। মুখ্যমন্ত্ৰীৰ পৰ্যালোচনাত অসন্তুষ্ট হৈ পৰা ৰাইজ, জাতীয় সংগঠনৰ বিষয়ববীয়াই ইতিমধ্যে সামাজিক মাধ্যমতো সৰৱ হৈ পৰা দেখা গৈছে।

এই সন্দৰ্ভত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতি, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক ৰাভা মহিলা পৰিষদ আদিকৰি জাতীয় সংগঠন সমূহৰ বিষয়ববীয়াসকলৰ মন্তব্য গ্ৰহণ কৰা হৈছিল। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাকে কয়– চেটেলাইট টাউনশ্বীপ নিৰ্মাণৰ বাবে প্ৰকৃততে বৰদুৱাৰৰ কোনখিনি ভূমি অধিগ্ৰহণ কৰা হ’ব সেই কথা স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে। ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে ভূমিৰ অধিকাৰ দিলে কিন্তু তাতোকৈ আগত বসবাস কৰি থকা জনজাতীয়লোক সকলক ভূমিৰ অধিকাৰ প্ৰদান নকৰিলে। আনকি স্বাধীন দেশৰ চৰকাৰ সমূহেও বিষয়ো আজিলৈকে গুৰুত্ব প্ৰদান নকৰিলে। অথচ বৰদুৱাৰ চাহ বাগিচাৰ পৰা মাটি অধিগ্ৰহন কৰি ১৯৭৪ চনত বাগান শান্তিপুৰ গাঁও প্ৰতিষ্ঠা কৰি ব্ৰহ্মপু্ত্ৰৰ বান–গৰাখহনীয়াক সংস্থাপিত কৰিছিল। একে পদ্ধতিৰে ১৯৫৪ চনত নাৰায়ণপুৰ গাঁওখনকো সংস্থাপিত কৰিছিল। গতিকে ভূমিপুত্ৰ জনজাতি সকলকো ভূমিৰ স্থায়ী অধিকাৰ প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে কয়– চৰকাৰে উন্নয়নৰ নামত কেৱল জনজাতিসকলৰ ভূমিত নজৰ দি থকা কাৰ্য কোনোকালে সহ্য কৰা নহ’ব। মুখ্যমন্ত্ৰীয়ে বৰদুৱাৰৰ চেটেলাইট টাউনশশ্বিপৰ বিষয়ে  সবিশেষ বৰ্ণনা কৰক অতিসোনকালে।     

উল্লেখনীয় যে শাসকীয় দলটোৰ স্থানীয় জনপ্ৰতিনিধি হেমাংগ ঠাকুৰীয়াই বিভিন্ন সময়ত মেলে–মিটিঙে বৰদুৱাৰবাসীক ম্যাদী পট্টাৰ ব্যৱস্থা কৰাৰ কথা কৈ ফুৰিছিল। আনকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো শাসকীয় পক্ষৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৰদুৱাৰ চাহ বাগিচাৰ মাটি কিনি হ’লেও জনজাতীয়লোক সকলক ভূমিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। বৰদুৱাৰৰ নাৰায়ণপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়াৰ সময়ত বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াও উপস্থিত আছিল।

পৰিষদীয় নিৰ্বাচনত শাসকীয় দলটোৰ জোঁট বন্ধনে ক্ষমতা লাভ কৰিলে। কিন্তু কেইটামান দিনৰ আগতে দিয়া প্ৰতিশ্ৰুতিবোৰ নেতাসকলে পাহৰিলে। তাৰ পৰিৱৰ্তে বিভিন্ন কায়দাৰে বৰদুৱাৰ চাহ বাগিচাৰ ভূমি কোনো পুঁজিপতি বনিয়াক গটোৱাৰ পৰিকল্পনাহে চলি থাকিল। শাসকীয় দলটোৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক মিছা প্ৰতিশ্ৰুতি আছিল সেয়া দিন বাগৰাৰ লগে লগে স্পষ্ট ৰূপত ফুটি উঠিব ধৰিছে।

কিয়নো ১৯২২ চনত ভাটিয়া ভাতৃদ্বয়ে ৯৯ বছৰ লীজত গ্ৰহণ কৰা বৰদুৱাৰ চাহ বাগিচাৰ ম্যাদ ২০২২ চনতেই উকলি গৈছিল। বাগিচা কৰ্তৃপক্ষই লীজৰ ম্যাদ বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰা নাই বুলি জানিব পৰা গৈছে। যিহেতু নীতি অনুসৰি লীজৰ ম্যাদ উকলি যোৱা সম্পদৰ গৰাকী চৰকাৰ। তেনেক্ষেত্ৰত চাহ বাগিচাৰ মালিকৰ পৰা ভূমি চৰকাৰে কিয় কিনিব লাগে?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward