প্ৰকাশিত তাৰিখঃ ১৪ মাৰ্চ, ২০২৬
চানডুবি নিউজ ৰিপ’ৰ্ট –
ৰাণীৰ চল্লি সাপ্তহিক বজাৰ গৃহত ১৩ মাৰ্চত চেঁচা, চল্লি আৰু কাৱাসিং এই তিনিখন বন অধিকাৰ কমিটিৰ এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। চেঁচা বন অধিকাৰ কমিটিৰ সভাপতি গোপাল ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা বন অধিকাৰ আইন ২০০৬ৰ ওপৰত জনজাতিলোক সকলে লাভ কৰিবলীয়া ভূমি অধিকাৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।
বৰদুৱাৰ বাগান ভূমি পট্টা দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই সভাত উপস্থিত থাকি কয়– কেন্দ্ৰীয় চৰকাৰৰ বন অধিকাৰ আইন ২০০৬ অনুসৰি ২০০৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বনভূমিত বসবাস কৰা জনজাতিলোকে ভূমি অধিকাৰ লাভ কৰিব। সেই অনুসৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ চেঁচা, চল্লি আৰু কাৱাসিং বন অধিকাৰ কমিটিৰলোক সকলেও যাৱতীয় নথিপত্ৰ দাখিলেৰে আবেদন কৰিছিল। কিন্তু বন ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ চেঁচা বন অধিকাৰ কমিটিৰ অন্তৰ্গত কোনো এগৰাকী লোকে এই মুহুৰ্তলৈকে ভূমি অধিকাৰ লাভ কৰা নাই। দুশ–তিনিশ বছৰ আগত ৰাণী, নংখ্লাও ৰাজ্যৰ ৰজা ছাত্তাৰ সিং, টিৰৎ সিং আৰু বৰদুৱাৰ ৰাজ্যৰ বটুৱা ৰজাৰ শাসনৰ সময়তো আমি বন ভূমিতেই বসবাস কৰিছিলো। তেতিয়াও আমাৰ ভূমিৰ অধিকাৰ আছিল। সৌ সিদিনা কেন্দ্ৰীয় চৰকাৰে জনজাতিলোক সকলৰ বাবে বন অধিকাৰ আইন প্ৰণয়ন কৰিলে। কিন্তু একংশ বনাঞ্চলিক বিষয়াৰ ময়মতালিৰ বাবে আজি জনজাতিলোক সকলে বন ভূমি অধিকাৰ লাভৰ পৰা বঞ্চিত হৈছে।
বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভাই কয়– আমাৰ ভূমিৰ পৰা আমাকেই খেদিবলৈ ষড়যন্ত্ৰ ৰচনা কৰি আছে চৰকাৰখনে। বৰদুৱাৰত ছেটেলাইট টাউনশ্বিপ, উকিয়ামৰ কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি তাৰ পৰা জনজাতীয়লোক সকলক খেদিব বিচাৰিছে। ৰাস্তাঘাটৰ উন্নয়নৰ অচিলাৰে ট্ৰাইবেল বেল্ট আৰু ব্ল’ক সমূহ ভাঙি দি জনগাঁথনি সলনিৰ পৰিকল্পনা ৰচনা কৰিছে। চৰকাৰৰ এই ষড়যন্ত্ৰ ওফৰাবলৈ আমি নিপীড়িত জনগণ এক হৈ যুঁজ দিবই লাগিব।
পৰিৱেশ কৰ্মী পক্ষীৰাজ ৰাভাই কয়– চৰকাৰী পি জি আৰ, ভি জি আৰ ভূমি জৰীপ কৰি চৰকাৰী লেণ্ড বেংকত ভৰাই আছে। কিন্তু এই মাটি কি কৰিব! নিশ্চয় কোনো পুঁজিপতি বনিয়াৰ হাতত গোটাব। ইতিমধ্যে অসমত তেনে ঘটনা ঘটি থকা ৰাইজে দেখিছে। গতিকে আমি আমাৰ অধিকাৰৰ বাবে একগোট হৈ যুঁজ দিয়াৰ বাহিৰে অন্য পথ নাই।
উল্লেখ্য যে বন অধিকাৰ কমিটি সমূহৰ পৰা কামিনী কান্ত ৰাভা, মহেশ্বৰ ৰাভা আৰু বিনয় ৰাভাই ভাষণ প্ৰদান কৰা সভাখনত বহু সংখ্যক লোক অংশ গ্ৰহণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

