Saturday, February 22, 2025
HomeNEWSজমাগুৰীত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ ৰাজহুৱা সভা

জমাগুৰীত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ১৭ ফেব্ৰুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ চাহ বাগিচাৰ জমাগুৰী বনাশ্ৰমত ১৬ ফেব্ৰুৱাৰীত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত। বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ৰায়তসকলক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে উচ্ছেদ কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত এই ৰাজহুৱা সভাৰ আয়োজন। বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ এইয়া আছিল দ্বিতীয়টো প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে, চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰোধিতাৰে ১৩ ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজে বাগানত এক ৰাজহুৱা প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল। উক্ত সভাতে এলানী ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছিল। সেই কাৰ্যসূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত দেওপানী চ’কত সমবেত হৈ মিৰ্জা–চানডুবি পথেৰে গাড়ীলিক চ’কলৈ এক দীঘলীয়া পদযাত্ৰাৰ সিদ্ধান্ত আছিল। পূৰ্বৰ সিদ্ধান্ত অনুসৰি পুৱা শ শ পুৰুষ–মহিলা, যুৱক–যুৱতী ওলাই আহি দেওপানী চ’কত সমবেত হৈছিল।

ইপিনে– বৰদুৱাৰ বাগানৰ ভূমি কোনো কাৰণতে কোনো পুঁজিপতি বণিয়াক গোটাই দিয়াৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰা নাই বুলি জিলা প্ৰশাসনে এক স্পষ্টীকৰণ দিছিল। এই সন্দৰ্ভত জিলা প্ৰশাসনে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সৈত এক আলোচনাও কৰিছিল। চৰকাৰৰ সেই আলোচনাৰ প্ৰতি সন্মান জনাই ভূমি পট্টন দাবী সমিতিয়ে আজিৰ পদযাত্ৰা কাৰ্যসূচী বাতিল কৰে। তাৰ পৰিৱৰ্তে জমাগুৰী বনাশ্ৰমত সমবেত হৈ এখন ৰাজহুৱা সভা অনুস্থিত কৰে। এই সভাখনত সভাপতিত্ব কৰে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সমন্বয়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে দেৱজিৎ নাফাই।

সভাত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰণৱ দ’লে আৰু সুব্ৰত তালুকদাৰ লগতে বৰদুৱাৰ বাগানবাসীৰ ভূমি অধিকাৰ আন্দোলনৰ প্ৰতি সমৰ্থন দিবলৈ গুৱাহাটীৰ পৰা বিদ্যুৎ বৰুৱাই অংশ গ্ৰহন কৰে।

ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ বিষয়ববীয়া প্ৰণৱ দ’লে কয়– গুৱাহাটী মহানগৰীৰ নিচেই কাষতেই যদি ভূমি অধিকাৰৰ বাবে ইমান মানুহ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেহ’লে অসমৰ চুকে–কোণে মানুহৰ কি অৱস্থা হ’ব পাৰে এবাৰ অনুমান কৰক। তেওঁ কয়– পৃথিৱীৰ সকলোৱে জানে অসমৰ জনজাতি মানুহ বনাঞ্চল, নদ–নদীৰ লগত জীৱিত হৈ থাকে। যিকোনো উৎসৱ পাৰ্বনৰ আৰম্ভণিত প্ৰকৃতি পূজন কৰে। গতিকে প্ৰকৃতি জনজাতিলোক সকলেই সংৰক্ষণ কৰি আহিছে। তাৰ পিছতো জনজাতিলোক সকলৰ ভূমিৰ অধিকাৰ নাই। বিপৰীতে বন ধ্বংস, বনভূমি বেদখলৰ নামত জনজাতিলোক সকলক বদনাম জাপি দিয়া হৈছে। তেওঁ কয়– আমি হাজাৰ হাজাৰ বিঘা ভূমিৰ অধিকাৰ দাবী কৰা নাই। অধিকাৰ বিছাৰিছো খেতি আৰু বসবাস কৰি থকা ভূমিখিনিহে।

আনহাতে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ অন্য এগৰাকী বিষয়ববীয়া সুব্ৰত তালুকদাৰে কয়– ‘আজি আমাৰ দখলীকৃত ভূমি কোনোকালে যাতে চৰকাৰে হস্থান্তৰ কৰিব নোৱাৰে তাৰবাবে আমি একত্ৰিত ৰূপত শক্তি বান্ধিব লাগিব। এনে সময়ত চৰকাৰৰ দালালবোৰে বিভিন্ন সাধু কথাৰে ভোল নিয়াবলৈ আমাৰ মাজত প্ৰৱেশ কৰিব। সেই সকলকো আমি অফৰাব লাগিব।’

ইপিনে– কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগে কয়– ‘চৰকাৰে আমাৰ ভূমি কাঢ়ি নি আমাক উন্নয়ন বঞ্চিত কৰিব বিচাৰিছে। আমাৰ পূৰ্বপুৰুষে ভোগ দখল কৰি যোৱা ভূমি আমাক প্ৰিমিয়াম অবিহনেই ম্যাদী পট্টা প্ৰদান কৰিব লাগিব। এই কাৰ্যকে চৰকাৰে নকৰিলে গণতান্ত্ৰিক পন্থাৰে আমিও আন্দোলন চলাই যাম।’

উক্ত ৰাজহুৱা সভাত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা আদিবাসী ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক মহিলা পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ আঞ্চলিক কমিটি লগতে বিভিন্ন দল–সংগঠনে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward