প্ৰকাশিত তাৰিখঃ ১৬ জানুৱাৰী, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাণীৰ প্ৰশ্ৰুখুৱা গাঁওবাসীয়ে ১ মাঘত দিনযোৰা কাৰ্যসূচীৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সেই অনুসৰি পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰে অনুষ্ঠানটোৰ পাতনি মেলে। উক্ত প্ৰতিযোগিতাখনত পুৰুষ–মহিলা আদিকৰি কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰ পিছত ভোগালী বিহু্ৰ পতাকা উত্তোলন কৰে গাঁৱৰ সভাপতি দুৰ্গেশ্বৰ ৰাভাই। পতাকা উত্তোলনৰ সময়ত ভদ্ৰেশ্বৰ ৰাভা, তৰুণ ৰাভা, আনন্দ ৰাভা আদিকৰি গাঁৱৰ জ্যেষ্ঠলোক সকল উপস্থিত আছিল। লগে লগে বিভিন্ন ধৰণৰ খেল–ধেমালি সমূহ একাদিশ ক্ৰমে আৰম্ভ কৰা হয়।
উক্ত অনুষ্ঠানত চকুত কাপোৰ বান্ধি হাঁহ ধৰা খেলখনে উপস্থিত ৰাইজক আনন্দৰ খোৰাক দিয়ে। গাওঁবাসীয়ে উলহ–মালহেৰে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানটোত বিয়লি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে আৰু গাওঁবাসীক উৎসাহ–উদ্দীপনা যোগায়।
নিশাৰ ভাগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত গাঁওখনৰ ইচ্ছুক লোক সকলে গীত পৰিৱেশন কৰে। গাওঁখনৰ যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে আজি কেইবা বছৰ ধৰি এই আনুষ্ঠানৰ আয়োজন কৰি আহিছে। বিশেষকৈ এই অনুষ্ঠানটোৰ আয়োজনৰ ক্ষেত্ৰত গাঁওখনৰ হীৰামণি ৰাভা, সমুদ্ৰ ৰাভা, বাবুল ৰাভা, ৰতন ৰাভা, নিবাৰণ ৰাভা, কমল ৰাভা, অনন্ত ৰাভা, মৃদুলা ৰাভা, ব্ৰজেন ৰাভা, কন্দৰ্প ৰাভা, আনন্দ ৰাভা আদিকৰি কেইবাগৰাকী লোকে উদ্যোগ গ্ৰহণ কৰি আহিছে। (সম্পাদনা কৰা হৈছে)