প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় প্ৰাক্ ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক–শিক্ষয়িত্ৰীৰ মাজত অসমীয়া জাতিৰ স্বাভিমান ভোগালী বিহুৰ পৰম্পৰা ৰক্ষাৰ উদেশ্যে অনুষ্ঠিত কৰা হৈছিল এই মেলা।
আনহাতে মেলাৰ লগত সংগতি ৰাখি এখন ভোগালী বিহুৰ খাদ্য সম্ভাৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। বিক্ৰী আৰু প্ৰদৰ্শনী উদ্ধোধন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাসে।
উল্লেখ্য যে, প্ৰদৰ্শনীখনৰ ১৬খন বিপনীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা লাড়ু-পিঠা, সান্দহ, চিৰা আদি বিক্ৰী কৰা হয়।
এই মেলাত ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ মমতা শইকীয়া, বিনু নায়াৰ আৰু অনিল ভাট আদিকৰি কেইবাজনো বিষয়া উপস্থিত আছিল।
সামৰণি অনুষ্ঠানত খাদ্য সম্ভাৰ বিক্ৰীৰ বিপনীত ভাগলোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।