Saturday, February 22, 2025
HomeARTICLEস্বামীজী আৰু ভৱিষ্যতৰ পৃথিৱী

স্বামীজী আৰু ভৱিষ্যতৰ পৃথিৱী

প্ৰকাশিত তাৰিখঃ ২০ জানুৱাৰী, ২০২৫

কল্প ৰঞ্জন গগৈ –

চল্লিশ বছৰ নৌহওতে কুৰি শতিকাৰ দ্বিতীয় বছৰটোৰ ৭ জুলাইৰ দিনা ভাৰতবৰ্ষৰ ব্ৰিটিছৰ দখলৰ অবিভক্ত– লগতে ভৱিষ্যতৰ বিশ্বৰ যুগনায়ক স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) এই পৃথিৱী এৰি গৈছিল। তেওঁ কৈ গৈছিল মানুহ, ৰাষ্ট্ৰ আৰু চৰিত্ৰ (Man Making–Nation Building–Character Building) গঠনৰ কথা। আজি গোলকীয় অসভ্যালি– নৱ্য বিশ্বায়ন– য’ত (Great Brain Rot) মগজুৰ পচনকাৰ্য অতি তীব্ৰ গতিৰে আগবাঢ়িছে– তাত স্বামীজী চৰ্চা অতি প্ৰয়োজনীয়। সেয়ে বিশ্বায়নৰ চৰম অসভ্যালিৰ সময়ত একেবাৰে গাঁও পৰ্যায়লৈ এক সাংস্কৃতিক– ৰাজনৈতিক– অৰ্থনৈতিক মহাবিতৰ্কৰ প্ৰয়োজন। আমাৰ লক্ষ্য– এক সুস্থ–সৱল চৰিত্ৰৰ সচেতন ব্যক্তি, পুৰণি ধ্যানধাৰণাৰ পৰা মুক্ত সম্পূৰ্ণভাৱে বৈজ্ঞানিক বিশ্ব বীক্ষাৰ মানুহ। ধৰ্ম হ’ব ব্যক্তিৰ পৰিপুৰ্ণতাৰ বিকাশ (Divinity Spirituality Manifestation of his/ her potential and perfection)।

স্বামীজীৰ লক্ষ্য আছিল চৰ্দাৰ নহয়, শিকদাৰৰ দেশত নেতা হ’ব লাগিব নিজৰ শিৰ উচৰ্গা কৰা ব্যক্তিৰ। এক বিশাল কৰ্মী বাহিনী গঠন কৰা। দেশৰ স্বাধীনতা সংগ্ৰাম– গান্ধী–নেহেৰুৰ আম্বেদকাৰৰ নেতৃত্বত আগবঢ়া এনে বাহিনীৰ উদাহৰণ। একে সময়তে এই বাহিনীৰ সদস্য হ’ব লাগিব With Body And Vedantic Brain।

স্বামীজীৰ আদৰ্শৰে আগবাঢ়িবলগীয়া এই সংগ্ৰাম শেষৰফালে বিচ্যুত হোৱা বাবে আমি আজি অৰ্দ্ধস্বাধীনতা, অৰ্দ্ধসাৰ্বভৌমত্ব, অৰ্দ্ধধৰ্ম নিৰপেক্ষ, অৰ্দ্ধসমাজবাদৰ প্ৰভাৱাধীন। যেনে আজি একৈশ শতিকাতো সমাজখনৰ ভিতৰলৈ বিজ্ঞান প্ৰৱেশ নকৰা বাবে আজিও দেশ অন্ধকাৰত।

নেতাজী সুভাষ চন্দ্ৰ বসু (১৮৯৭–১৯৪৫) আছিল স্বামীজীৰ মানসপুত্ৰ। বংশৰ সন্তান দুয়োজনৰ জন্ম জানুৱাৰী মাহত। স্বামীজীৰ ১২ জানুৱাৰী আৰু নেতাজীৰ ২৩ জানুৱাৰী। দুয়োজনৰ জীৱন মূলতঃ ঊনৈশ শতিকাৰ দেশ–কাল–সমাজৰ ভাৱনাৰ দ্বাৰা নিৰ্মিত। বেদখলকাৰী ইংৰাজৰ প্ৰভাৱত কেনেদৰে ভাৰতীয় সমাজ থানবান হৈছিল এই বিষয়ে তেওঁলোক জ্ঞাত। একে সময়তে স্বামীজীৰ ভাৰতবৰ্ষৰ অভ্যান্তৰীন দুৰ্বলতাৰ কাৰণ পুৰোহিত শ্ৰেণীৰ লগতে ডা–ডাঙৰীয়া, জমিদাৰ আদি যে দায়ী সেই বিষয়ে স্পষ্ট। সেয়ে তেওঁৰ মতে ভৱিষ্যতৰ যুগ হৈছে শূদ্ৰৰ যুগ। ভাৰতবৰ্ষৰ দলিত–বঞ্চিত সকলেহে দেশক বিশ্বগুৰু হিচাপে ইয়াৰ ভেটিত থকাসকলে জ্ঞান আৰু শৌৰ্যৰ সহায়ত বৈশ্য যুগৰ অৰ্থৰ সুষম পৰিচালনাৰ যোগেদি বৰ্তমানৰ বৈশ্যৰ নেতৃত্বক বিকশাই তুলিব লাগিব। বৰ্তমানৰ অসাম্যৰে ভৰা সমাজখনক মানুহৰ বাবে উপযোগী সমাজ হিচাপে গঢ়িব লাগিব। বৰ্তমানৰ এই ধনৰ আৰু বাহুবলৰ দ্বাৰা নিয়ন্ত্ৰিত সমাজখনক উলট–পালট কৰিব লাগিব। আধুনিক সমাজ বিজ্ঞানৰ মতে শ্ৰেণী সংগ্ৰামৰ জৰিয়তে ই সম্ভৱ। কিন্তু বিবেকানন্দৰ মতে মানুহৰ আধ্যাত্মিকতা আৰু দেৱত্ব বিকাশৰ দ্বাৰা ই সম্ভৱ। ভগৱান বুদ্ধই দিয়া শিক্ষাৰ সম্প্ৰসাৰণ ঘটাব লাগিব। চিন্তা–চেতনাৰ সংঘৰ্ষৰ যোগেদি পুৰণি দিনৰ অপ্ৰাসংগিক ধ্যান–ধাৰণাবোৰ নিষ্কাসন কৰিব লাগিব।

স্বামীজী আৰু নেতাজীৰ জন্মদিনৰ পৰাই এই যুদ্ধ আৰম্ভ কৰি এক দীৰ্ঘস্থায়ী প্ৰক্ৰিয়া হিচাপে গঢ়ি সমগ্ৰ বিশ্বৰ পৰা অস্ত্ৰৰ যুদ্ধবোৰৰ বিনাশ ঘটাব লাগিব। আজিৰ সময়ত ধনৰ দ্বাৰা অসাম্য সৃষ্টি কৰি ফুৰা ব্যৱস্থাটোৰ চৰম পতন ঘটি আছে। সমগ্ৰ জনজীৱন এমুঠি ‘ভাগ্যহীন অতিধনীৰ’ বাবে চৰম সংকট মুখত। এই সম্পৰ্কে শুদ্ধ ধাৰনা নথকা বাবে জনজীৱনক বিভ্ৰান্তকাৰী বিজ্ঞাপন–প্ৰদৰ্শনীৰ দ্বাৰা বিপথে পৰিচালিত কৰিছে। আমাৰ বিভক্ত স্বাধীনতাক প্ৰশ্ন কৰোতে আৰু লগতে মহাত্মাৰ হত্যাকাণ্ডৰ পিছত আমি স্বামীজীৰ আদৰ্শৰে এক নতুন চিন্তা আন্দোলন গঢ়ি তুলিব নোৱাৰিলে। সেই প্ৰশ্ন অসম্পূৰ্ণ হৈ থাকি গ’ল আৰু জনগণ প্ৰকৃত গণতান্ত্ৰিক চেতনাৰে জাগ্ৰত হ’ব নোৱাৰিলে।

আজি কিন্তু এক চমৎকাৰ সংকটৰ মুহুৰ্তত বিশ্বৰ জনগণ। জনগনে নিজৰ প্ৰয়াসেৰে স্বামীজী আৰু নেতাজীৰ চিন্তাৰ সম্প্ৰসাৰণ ঘটাব লাগিব। বিশেষক কৃত্ৰিম বুদ্ধিমত্তাই মগজু পচোৱাৰ সময়ত (Brain Rot) আৰু গোলকীয় অসভ্যালিয়ে সমাজখনক পচোৱাৰ (Social Rot) সময়ত।

বিবেকানন্দৰ ভাষাত কওঁ– ‘হে মহাপ্ৰাণ জাগা। জগত দুখত পুৰি চাৰখাৰ– তোমাৰ মৰটোপনি কিয়??’

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward