প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২২
চানডুবি নিউজ ডেস্ক –
স্বাধীন ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতি সমিতিত জড়িত আছিল ৩৮৯ জনীয়া দল। এই দলটোৰ নেতৃত্বত আছিল ড০ বি আৰ আম্বেদকাৰ। উল্লেখ্য যে, সংবিধান প্ৰস্তুতি দলৰ সৈতে ১৫ গৰাকী নাৰীও আছিল। এইসকল মহিয়সী নাৰী ক্ৰমে– সৰোজিনী নাইডু, ৰাজকুমাৰী অমৃত কৌৰ, কমলা চৌধুৰী, আম্মু স্বামীনাথন, পুৰ্ণিমা বেনাৰ্জী, মালতি চৌধুৰী, লীলা ৰয়, দক্ষয়নী ভেলায়ুধান, বিজয়ালক্ষ্মী পণ্ডিত, বেগম আইজাজ ৰাছুল, ৰেণুকা ৰায়, দুৰ্গাবাই দেশমুখ, এনী মাচকাৰেন, সুচেতা কৃপলানি আৰু হংসা জীভৰাজ মেহতা।
সংবিধান প্ৰস্তুতি সমিতিৰ প্ৰচেষ্টাত স্বাধীন দেশৰ সংবিধানখন সম্পূৰ্ণ হৈ উঠিছিল ১৯৪৯ চনৰ ২৬ নৱেম্বৰত। সেয়ে ২৬ নৱেম্বৰৰ দিনটো দেশে সংবিধান দিৱস ৰূপে পালন কৰি আহিছে। কিন্তু সংবিধান সমিতিৰ লগত জড়িত এইসকল মহিয়সী নাৰী আজি পাহৰিৰ গৰ্ভত।