প্ৰকাশিত তাৰিখঃ৬ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ জৱে-পাটগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মাধুৰী দৈমাৰীয়ে চলিত বৰ্ষৰ ৩১ জানুৱাৰীত চাকৰি কালৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে ১৯৫৯ চনত স্থাপন হোৱা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰথমগৰাকী প্ৰধান শিক্ষক আছিল গোপাল চন্দ্ৰ দাস। তাৰ পৰৱৰ্তী সময়ত ক্ষীৰদা দাস আৰু ৰাজেন চন্দ্ৰ নাথে কাৰ্যনিৰ্বাহ কৰি যোৱা বিদ্যালয়খনত ১৯৮৭ চনত মাধুৰী দৈমাৰীয়ে এগৰাকী বড়ো ভাষাৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।
যদিও ১৯৯০ চনৰ জানুৱাৰীত অসমীয়া মাধ্যমৰ শিক্ষয়ত্ৰীৰূপেও যোগদান কৰে। সেই দিনধৰি শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনত বড়োৰ লগতে অসমীয়া মাধ্যমতো শিক্ষাদান কৰি আহিছিল। পৰৱৰ্তী কালত চৰকাৰে বিদ্যালয়খনত আন আন বিষয়ৰ শিক্ষক নিযুক্তি দিয়ে।
প্ৰধান শিক্ষয়ত্ৰী মাধুৰী দৈমাৰীক আনুষ্ঠানিক বিদায় তথা সম্বৰ্দ্ধনা জনাবৰ বাবে ৫ ফেৱ্ৰুৱাৰীত বিদ্যালয় প্ৰাংগনত এখন সভাৰ আয়োজন কৰে। উক্ত সভাখনৰ সভাপতিত্ব কৰে পাটগাঁৱৰ জ্যেষ্ঠ ব্যক্তি বিপিন বসুমটাৰীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ, নিৱন্ধকাৰ কন্দৰ্প বড়োৱে। অনুষ্ঠানত বিদায়ী শিক্ষয়িত্ৰীগৰাকীলৈ বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়ত্ৰী, পাটগাওঁ, জৱেগাওঁ মহিলা সমিতি, প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকলৰ ফালৰ পৰা সম্বৰ্দ্ধনা পত্ৰ, ফুলৰ মালা, ফুলৰ থোপা, আৰণাই, শৰাইৰে সম্বৰ্দ্ধনা জনায়।
বিদ্যালয়খনত ৩৫টা বছৰ চাকৰি কৰা শিক্ষয়িত্ৰীগৰাকীয়ে বিদায় বেলাত আৱেগিক হৈ পৰে। সভাৰ শেষত শিক্ষয়িত্ৰীগৰাকীক বড়ো বাগৰুম্বা নৃত্য, ঢোলে-ডগৰে প্ৰায় দুই শতাধিক লোকে এন ই চি পথেৰে শোভাযাত্ৰা কৰি সজ্জনপাৰাস্থিত নিজা বাসভৱনলৈ আগবঢ়াই নিয়ে।
সভাত পৰিচালনা সমিতিৰ সভাপতি লক্ষীন্দ্ৰ বড়ো, জৱেগাঁও ৰাইজৰ প্ৰাক্তন সভাপতি তথা লেখক ধৰ্মেশ্বৰ বড়ো, গাওঁবুঢ়া বীৰেণ বড়ো, ভুৱনেশ্বৰ স্বৰ্গীয়াৰী, বৰ্তমান বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়ত্ৰী মীনা বড়ো, বিজুমণি পাঠক, নৱ কুমাৰ দাস, কিছুদিন পূৰ্বে নংটাৰী বিদ্যালয়লৈ বদলি হোৱা শংকৰদেৱ বসুমটাৰীৰ লগতে ১নং কেন্দ্ৰ ৰাণী শিক্ষাখণ্ডৰ সমন্ধয়ক গৌড় চন্দ্ৰ বৰ্মনৰ উপৰি বহুকেইজন লোক উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ