Saturday, December 21, 2024
HomeARTICLEমানৱতাবাদী শিক্ষাৰ পাঠ

মানৱতাবাদী শিক্ষাৰ পাঠ

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ, ২০২৪

কল্প ৰঞ্জন গগৈ –

প্ৰযুক্তিৰ সহায়ত ৰাষ্ট্ৰীয় শক্তি অভূটপূৰ্বভাৱে বৃদ্ধি হৈছে। ধ্বংসৰ বাবে অসীম শক্তি লাভ কৰিছে। কিন্তু নৈতিকতাৰ বল হীন হৈ অহাৰ বাবে সৃষ্টি কৰাৰ ইচ্ছাৰ লগতে শক্তিও হীন হৈ গৈছে। নৈতিকতাৰ বিকাশ হ’বলৈ সমাজখনক আৰু অধিক উন্নত স্তৰৰ সমাজবাদলৈ উত্তৰণ ঘটাব লাগিব। সমাজবাদী মানৱতাবাদলৈ সচেতন–সূচেতন নাগৰিক সকলে কৃচ্ছসাধনাৰ যোগেদি লৈ যাব লাগিব। বৰ্তমান সময়ক ব্যক্তিৰ পূৰ্ণবিকাশৰ সময় বুলি চিনাক্ত কৰিব পৰা যায়।

বুদ্ধদেৱে খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাতে এই বাট কাটি থৈ গৈছে। অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰে এই বাট বহলাই থৈ গৈছে। বিশ্বাসী–অবিশ্বাসী সকলোৰে বাবে এক উমৈহতীয়া নিৰাকাৰ–নিৰ্গুণ হৰিনামৰ পথ দি গৈছে। জ্ঞানৰ বিকাশৰ জৰিয়তে নৈতিকতা বৃদ্ধিৰ পথটো দি গৈছে। বৰ্তমানৰ লগতে ভৱিষ্যতৰ প্ৰজন্মই এই বাটেদিয়ে যাব লাগিব।

মহাপুৰুষ জনাৰ শ্ৰেষ্ঠ সৃষ্টিৰাজী কোচৰজা নৰনাৰায়ণৰ ৰাজসভাতহে বাস্তৱ ৰূপ পাইছিল। তথাপিও শংকৰ গুৰুৱে সামন্তবাদ–ৰাজতন্ত্ৰক শৰণ নিদিলে। যদি দিলেহেতেন আমি ক’লোহেতেন যে সামন্তবাদৰ দৰে পুৰণি আৱৰ্জনাৰহে উপাসক। একে সময়তে পতিত বৌদ্ধধৰ্মৰ তান্ত্ৰিক বজ্ৰযানী পথৰ তেওঁ বিৰোধী আছিল, যিটো পথ বৌদ্ধ শিক্ষাৰ বিৰোধী।

বুদ্ধদেৱৰ পোহৰময় পথেদি ৰাজৰ্ষি অশোকে গতি কৰিছিল– সামন্তবাদৰ হিংস্ৰ পথ বাদ দি। মহাত্মাই সেই পথেদি দখলমুক্ত কৰিছিল দেশক। কিন্তু চতুৰ দখলদাৰসকলে ইয়াৰ স্থানীয় সহযোগীসকলৰ সহায়ত বিভক্ত কৰি ভৱিষ্যতৰ ‘মহাভাৰতীয় যুঁজৰ’ বাবে ‘ম্যাদী পট্টা’ দি থৈ গ’ল। ১৯৩০ চনৰ পৰা ২৬ জানুৱাৰী দিনটো স্বাধীনতাৰ বাবে সংকল্পৰ দিন হিচাপে পালন কৰি অহা হৈছিল ১৯৪৭ চনলৈকে। সেয়ে ১৯৪৭ চনৰ পৰা দখলদাৰৰ পৰা মুক্ত হ’লেও বিজয়ী হ’ল দখলদাৰ সকল। আনফালে ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ পৰা ভাৰতবাসী হ’ল পিতৃহাৰা।

ইতিহাস আৰু সময় আগলৈহে যায়। পুৰণিলৈ যাব নোৱাৰি আৰু পুৰণিক মচিবও নোৱাৰি। কিন্তু ভৱিষ্যতলৈ যাবলৈ পুৰণিৰ মহৎখিনি লাগিবই। সেয়ে অতীত চৰ্চা লাগিবই।

ভাৰতবাসীয়ে অতীতৰ মহৎ বস্তু চৰ্চা কৰোতে অৱধাৰিতভাৱে হৰ্ষবৰ্ধন, হিউৱেনচাং, নালন্দা, তক্ষশীলা, ৰাজৰ্ষি অশোকৰ কথাবোৰ আনিব লাগিবই।

জ্ঞানৰ চৰ্চাৰ কথা আহোতে সময়োচিত, আধুনিক আন্তৰ্জাতিকতা আৰু মানৱিকতাৰ কথা আহিব। বৰ্তমানৰ ভুল ক্ৰুটিৰ পৰা মুক্ত, ধৰ্মৰ আচলৰ পৰা মুক্ত, স্বাধীন আৰু বিজ্ঞানৰ লগত যুক্ত হ’ব লাগিব। ঊনবিংশ শতিকাতে প্ৰৱৰ্তিত শিক্ষাৰ বিৱৰ্তনৰ প্ৰয়োজন হ’ব নতুন শিক্ষাৰ বাবে।

বুদ্ধদেৱৰ পোহৰময় পথ ল’বলৈ মানৱতাবাদী শিক্ষাৰ শক্তিবৃদ্ধি, সম্প্ৰসাৰণ আৰু ইয়াক স্থায়ীত্বকৰণৰ ব্যৱস্থা কৰিব লাগিব নেতাসকলে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward