প্ৰকাশিত তাৰিখঃ ৪ এপ্ৰিল, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
বহু প্ৰতীক্ষাৰ অন্তত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰে। পৰিষদীয় এলেকাটোৰ মুঠ ৩৬ টা সমষ্টিৰ ৩৬ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰে ৪,৪৫,৫৮৬ গৰাকী ভোটাৰে। যদিও– ইতিমধ্যে তিনিটা সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ দুগৰাকী আৰু বিজেপি মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে।
উল্লেখ্য কামৰূপ জিলাৰ মুঠ চৈধ্যটা সমষ্টিৰ ভিতৰত ১৩ টা সমষ্টিত ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপি, অগপ মিত্ৰজোঁটে আসন দখল সাব্যস্ত কৰে। বিপৰীতে এটি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। সেই অনুসৰি– ৩৬ নং ৰাণী সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী পুষ্পাঞ্জলী কুমাৰী বড়োই ৩৩৯২ টা ভোট লাভ কৰে বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বন্দনা বড়োই ১১১০ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ৩৫ নং শিলপোতা সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী কমলেশ্বৰ ৰাভাই ৪৪৭৫টা ভোট লাভ কৰে, বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজেন চন্দ্ৰ ৰাভাই ১১১৫টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ৩৪ নং চানডুবি সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভাই ৬৭১২টা ভোট লাভ কৰে, বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উমাকান্ত ৰাভাই ১৫৮৬টা লাভ কৰি পৰাজয় বৰণ কৰে। ৩৩নং কুলচী সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী ৰশ্মিবালা ৰাভাই ৪৮৬৬টা ভোট লাভ কৰে, বিপৰীতে নিৰ্দলীয় আদিত চন্দ্ৰ ৰাভাই ২০৪৯টা লাভ কৰি পৰাজয় বৰণ কৰে। ৩০ নং বামুণীগাঁও সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী অজিত ৰাভাই ৪২৫৩ টা ভোট লাভ কৰে, বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী কমলেশ্বৰ দলৈয়ে ১৩০৪ লাভ কৰি পৰাজয় বৰণ কৰে। ৩১ নং গোৱৰ্ধন সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাই ৪২৭৭ টা লাভ কৰে, বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৰাই ৰাভাই ১৮৫৯ ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ৩২ নং পাণ্টান সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী ৰমাকান্ত ৰাভাই ৪৩৯০ ভোট লাভ কৰে, বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী দিনমণি ৰাভাই ১০৪ টা লাভ কৰি পৰাজয় বৰণ কৰে। ২৮ নং উত্তৰ বনগাঁও সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী আদিত্য ৰাভাই ৮৪২৩টা ভোট লাভ কৰে, বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী বিতুপন ৰাজবংশীয়ে ৪১৭টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ২৪ নং লুকী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে চাংমাই ৪০৮৭ টা লাভ কৰে, বিপৰীতে ৰাভা হাছং যৌথ মঞ্চৰ তিলোত্তমা ৰাভাই ৩০৫১ টা কৰি পৰাজয় বৰণ কৰে। ২৯নং দক্ষিণ বনগাঁও সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী মিনতি বড়োই ৪৯২৯টা ভোট লাভ কৰে বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জিমবাৰ্থ চাংমাই ১৫১৭ টা ভোট লাভ কৰি পৰাজয়বৰণ কৰে। ২৬নং জোঙাখুলি সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী অৰ্জুন চেত্ৰীয়ে ৩৬০৮টা ভোট লাভ কৰে বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰঞ্জন ৰাভাই ১২১৭ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ২২নং বন্দাপাৰা সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী মেঘালী ৰাভাই ৪০৪৯ টা ভোট লাভ কৰে বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী পুতুল চন্দ্ৰ ৰাভাই ২৮৫৩টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ২১নং জাৰিহাট সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী অশোক কুমাৰ ৰাভাই ৪৯৪১ টা লাভ কৰে বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী নয়ন বড়োই ১২৬৮ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ২৭নং বকো সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ বিজয়ী প্ৰাৰ্থী সুমিত ৰাভাই ১১৩৯৮টা লাভ কৰে বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী লক্ষ্মী নন্দন দলৈয়ে ২৬৮টা লাভ কৰি পৰাজয় বৰণ কৰে।
ইপিনে নিৰ্বাচনী বিষয়াৰ শেষ ফলাফল ঘোষণাৰ সংবাদ লাভ কৰাৰ লগে লগে প্ৰতিটো সমষ্টিত সমৰ্থক সকলৰ মাজত আনন্দৰ জোঁৱাৰ উঠে। সফলতাৰ শেষ হাঁহি লৈ প্ৰাৰ্থীসকল সমষ্টিলৈ উভতি অহাৰ লগে লগে সমৰ্থকসকলে ঢোল, বেণ্ড, বগেজাৰী আদি নৃত্য গীতেৰে আদৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ