প্ৰকাশিত তাৰিখঃ ২ অক্টোবৰ, ২০২৩
কল্প ৰঞ্জন গগৈ–
ভাৰতবৰ্ষৰ মুক্তি যুদ্ধৰ প্ৰধান কাৰিকৰ মহাত্মা গান্ধীয়ে ১৯২০ চনৰ পৰা আৰম্ভ কৰিছিল অগ্নিকাল– স্বাধীনতাৰ দাবীৰে। তাৰো আগতে ১৮৫৭ চনত দেশৰ চিপাহীসকলে আৰম্ভ কৰিছিল এক ব্ৰিটিছ বিৰোধী যুদ্ধ। সমাজ বিজ্ঞানী কাৰ্লমাৰৰ্ক্সে ক’লে– লণ্ডনৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম মুক্তি যুদ্ধ বুলি।
১৭৫৭ চনৰ পলাশীৰ পিছত ১৭৬৪ চনৰ পৰা হিন্দু–মুছলমান ফকীৰৰ নেতৃ্ত্বত দেশৰ খেতিয়কসকল ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। নাম পাইছিল ফকীৰৰ বিদ্ৰোহ। আমি আশা কৰিছিলো বাবা ৰামদেৱে এনেকৈ ২১ শতিকাৰ সন্ন্যাসী আন্দোলন আগবঢ়াই নিব। বাবা ৰামদেৱৰ বিদ্ৰোহ তৈল খেজুৰতে অন্ত পৰিল। Mega Oil Palm Plantation Drive। অৱশ্যে ইয়াত তৈল খেজুৰ আন্দোলনৰ লক্ষ্য আৰু পৰিণতিৰ বিষয়ে আলোচনা নকৰে। সেই বিষয়ে বিশেষজ্ঞ আৰু মধ্যবিত্তৰ লগতে খেতিয়কৰ পক্ষ লোৱা জাতীয়তাবাদীসকলে নিজৰ মতামত আগবঢ়াওক।
মই কেৱল ১৭৯২ চত ব্ৰিটিছৰ গুলিত শ্বহীদ হোৱা ৮০ গৰাকী কৃষক মুক্তিযোদ্ধাৰ কথাহে তুলি ধৰিম। অসমৰ সাম্ৰাজ্যবাদ বিৰোধী বীৰ বুলি যাৰ স্থান ভাৰতবৰ্ষৰ বুৰঞ্জীত নাই। কেৱল কৃষকৰ পক্ষত থকা জাতীয়তাবাদী সকলেহে ইয়াক মনত ৰাখিছে। লগতে আমি মনত ৰাখো ১৭৯৩ চনত দেশ বন্ধকত যোৱা বাণিজ্য চুক্তিৰ কথা। আহোম প্ৰশাসনৰ মুৰব্বী স্বৰ্গদেউ গৌৰীনাথ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ পক্ষত কেপ্টেইন ৱেইলচ্ আদিৰ মাজত।
১৭৬৯ চনৰ পৰা প্ৰজাৰ নেতা ৰাঘৱ মৰাণ, নাহৰ শইকীয়া, ৰাধা–ৰুকুণী সকলৰ নেতৃত্বত ৰজাসকলৰ অনিয়ম বিৰোধী জাগৰণ। এনেদৰে ১৭৯২ চনত ব্ৰিটিছে ধ্বংস কৰি দেশৰ শাসনভাৰ লৈ ল’লে। ২৪ ফেব্ৰুৱাৰী ১৮২৬ তাৰেই কৰুণ ফলশ্ৰুতি। মধ্যশ্ৰেণীৰ জাতীয়তাবাদীসকলে বা কি কয়? ১৮২৬ চনৰ মানদেশৰ ইৰাৱতী নৈৰ পাৰত ২৪ ফেব্ৰুৱাৰীৰ দিনা স্বাক্ষৰকাৰী ইংৰাজ আৰু বাৰ্মাৰ ৰজা। ১৮২৮ চনত গোমধৰ কোঁৱৰসকলৰ বিদ্ৰোহ। প্ৰস্তুতি তৰাতলিৰ ক্ষেত্ৰ বৰ্তমানে গোমধৰ ক্ষেত্ৰ। ১৮২৯–৩০ৰ পিয়লী ফুকনসকলৰ পৰা গদাধৰ কোঁৱৰ আৰু ১৮৩৯ চনৰ সৰ্বশেষ যুদ্ধ শদিয়াখোৱা ৰণুৱা গোঁহাইসকলৰ।
এনেকৈয়ে ১৭৬৯ চনৰে পৰা আৰম্ভ হোৱা কৃষকৰ আত্মনিয়ন্ত্ৰণৰ লগতে ক্ষুদ্ৰৰূপে থকা অসমীয়াৰ আত্মিনয়ন্ত্ৰণৰ যুদ্ধই ইতিহাসৰ এঁকা–বেঁকা পথেৰে আগবাঢ়ি বৰ্তমানৰ একৈশ শতিকাত মধ্যশ্ৰেণীৰ জাতীয়তাবাদী সকলৰ হাতত পৰি এক দোধোৰ–মোধোৰ অৱস্থাত উপনীত হৈছেহি।
প্ৰকৃত মুক্তিযুদ্ধৰ ইতিহাসৰ পৃষ্ঠা বহুত বাকী। কেৱল ক’ব পৰা যায় যে ১৭৫৭ চনৰ পৰা আৰম্ভ কৰা ব্ৰিটিছৰ শোষণ–শাসনৰ যাত্ৰাই ১৮৫৭ চনৰ পিছৰ পৰা এক নতুন মাত্ৰা পালে। ১৯৪৭ চনৰ আগেয়ে দেশখনক বিভক্ত কৰি নিজৰ ধৰণেৰে স্বাধীনতা দি থৈ গ’ল। তাৰফলত আজি দেশৰ মানুহ বহুধাবিভক্ত। ১৯৪৬ চনৰে পৰা আৰম্ভ হোৱা ভাৰতবাসীৰ কটা–মৰাই আজি বিশাল ৰূপ পাইছেগৈ। প্ৰত্যেকৰ পাকঘৰত দাৱানল। ঘৰে ঘৰে অশান্তি।
১৮২৬ চনৰ পিছত ব্ৰিটিছৰ সহযাত্ৰীসকলে পূৰণা বিহকে লৈ আহিছিল। ১৭৯২ চনৰ পৰা গোট খোৱা আৱৰ্জনাৰ স্তূপ আছিলেই। সেয়ে ব্ৰিটিছৰ যুদ্ধ আছিল খিলঞ্জীয়া বিৰোধী।
অৱশ্যে চাহ বাগানত শ্ৰম দিবলৈ অনাসকল চাহঘৰীয়া খিলঞ্জীয়া। ১৮৯৪ চনৰ পৰা চিলেট অসমৰ অংগ। চৰ–চাপৰিৰ দৰে অসাৰুৱা আৰু অনাদৃত মাটিত ফল ফুলাবলৈ অনা চিলেটৰ সকল ভাতঘৰীয়া খিলঞ্জীয়া। একেসময়তে চন্দ্ৰকান্ত সিংহৰ সৈনিক হৈ অসমৰ শেষ স্বাধীনতাৰ যুদ্ধত অংশ লোৱা ১৮২২ চনৰ ২১ জুনৰ হাদিৰাচকীৰ ৰণ– এমুঠি মোগল, পাঠান, শিখ– এই সকলোবোৰ মান বিৰোধী খিলঞ্জীয়া। সুৰ্যকুমাৰ ভূঞা, প্ৰসন্নলাল চৌধুৰীসকলৰ লগতে জ্যোতিপ্ৰসাদসকল আৰু যি বিভিন্ন উপভাষাৰ সমষ্টি অসমীয়া ভাষাত কথা কয়। এইসকলৰ বাদে কাকো আমি ব্ৰিটিছ বিৰোধী, ৰাজতন্ত্ৰ বিৰোধী খিলঞ্জীয়া বুলিব নোৱাৰো। তেওঁলোকে জাতিৰ কথা কয় কিন্তু মাটি আৰু খেতিয়কৰ কথা নকয়। আজি খিলঞ্জীয়াৰ ভৱিষ্যত বন্ধকত। মাটি–খেতি অখিলঞ্জীয়াৰ দখলত। এয়াই মুক্তিযুদ্ধৰ ইতিহাসৰ কৰুণ পৰিণতি। এয়াই নেকি দ্বিতীয় ইয়াণ্ডাবু সন্ধি।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News