Monday, December 15, 2025
HomeNEWSচি আৰ পি এফৰ উপ–মহাপৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫বেটেলিয়নৰ মুখ্য কাৰ্যাল়য়...

চি আৰ পি এফৰ উপ–মহাপৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫বেটেলিয়নৰ মুখ্য কাৰ্যাল়য় পৰিদৰ্শন

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটী ৰেঞ্জৰ উপ–মহাপৰিদৰ্শক মহম্মদ জামাল খানে অলপতে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ১৭৫নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে বাহিনীটোৰ ৰাণীস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত উপ–মহাপৰিদৰ্শক গৰাকীৰ।

এই উপলক্ষে শীৰ্ষ বিষয়াগৰাকীক মুখ্য কাৰ্যালয় চৌহদত আদৰণি জনায় ১৭৫নং বেটেলিয়নৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। উল্লেখ্য যে বাহিনীটোৰ বিষয়া-জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত উপ–মহাপৰিদৰ্শক গৰাকীয়ে অফিচাৰ মেছ, সহযোগী বিষয়াসকলৰ মেছ, ডি আৰু ই কোম্পানীৰ কাৰ্যালয়কে ধৰি চৌহদত থকা সকলো প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ১৭৫নং বেটেলিয়নৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝা, চেকেণ্ড-ইন-কমাণ্ড মুকুন্দ মহান আৰু অমিত সিনহা, সহকাৰী কমাডেণ্ট জয়প্ৰকাশ কুমাৰ, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেইবাগৰাকীও বিষয়া, জোৱান উপস্থিত আছিল।

ইপিনে শীৰ্ষ বিষয়াগৰাকীৰ সন্মানাৰ্থে বাহিনীটোৰ চৌহদত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত বাহিনীটোৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেশ–প্ৰেমমুলক নৃত্য, গীত, গীতি–আলেখ্য, চুটি নাট প্ৰদৰ্শন কৰাৰ লগতে কবিতা আবৃত্তি কৰে।

শিৰোনাৰম ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward