Wednesday, October 16, 2024
Homeবাতৰিপলাশবাৰীৰ বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ 

পলাশবাৰীৰ বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ 

প্ৰকাশিত তাৰিখঃ ১৪ জুলাই, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যত বানৰ তাণ্ডৱ অব্যাহত আছে।বান কৱলিত অঞ্চলৰ ৰাইজ দুখ-যন্ত্ৰণাত ককবকাই আছে। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা-গুইমাৰাৰ লোকসকলৰ ঘৰ-দুৱাৰ বানত ডুব গৈছে। উক্ত লোক সকলক নহিৰা-গুইমাৰা আঞ্চলিক হাইস্কুলত স্থাপন কৰা অস্থায়ী শিৱিৰত ৰখাৰ ব্যৱস্থা কৰিছে।

বানাক্ৰান্তৰ শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অগ্ৰণী বে–চৰকাৰী সংগঠন ‘মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যন’য়ে দিনে-নিশাই কাম কৰি গৈছে।

উল্লেখ্য যে, মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা (Sr. Academic Educator) চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা (Life Skill Educator) উৎপল দাসে বানাক্ৰান্ত অঞ্চলটোৰ প্ৰায় ৪০গৰাকীকৈ শিশুক বানপানীৰ দুখ-দুৰ্দশাৰ মাজতো খেল-ধেমালিৰ জৰিয়তে ব্যস্ত কৰি ৰাখিছে। সমান্তৰালভাৱে শিশুসকলক সংগঠনটোৰ ফালৰপৰা শিক্ষাদানৰো ব্যৱস্থা কৰি গৈছে।

মেজিক বাছৰ কৰ্মী চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward