প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
এন এফ ৰেলৱে’ মজদুৰ ইউনিয়নৰ ছয়গাঁও শাখাৰ উদ্যোগত ২৩ নৱেম্বৰত গুৱাহাটী মহানগৰীৰ আজাৰাত জাকজমকতাৰে আয়োজন কৰা হয় চতুৰ্থ সংখ্যক ডিভিনেল য়ুথ কনভেনচন (Divisional Youth Convention)। এই অধিৱেশনত ৰঙিয়া ডিভিজনৰ অন্তৰ্গত মুঠ ১০টা শাখাৰ প্ৰতিনিধি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিত ছয়গাঁও শাখাৰ সভাপতি বৰ্ণজিৎ নাথে পতাকা উত্তোলন কৰে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইউনিয়নৰ সাধাৰণ সম্পাদক পিযুজ চক্ৰৱৰ্তীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এই কাৰ্যসূচী অধিবেশনত উপস্থিতি সকলৰ বাবে মুকলি থাকে। অনুষ্ঠানত জ্যোতি প্ৰসাদ দাসে জুবিন গাৰ্গৰ গীত পৰিবেশনৰ লগতে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে নীহা ভৰালীয়ে পৰিৱেশন কৰা এটি ভক্তিমূলক গীতে উদ্বোধনী অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰি তোলে।
ভাষণ প্ৰসংগত মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক পিযুজ চক্ৰৱৰ্তীয়ে কয়— ‘এন এফ ৰেলৱে’ মজদুৰ ইউনিয়নৰ যুৱ সমাজ আৰু মহিলা সমাজক আমাৰ ৰাজহাড় বুলি ভাবো। তেওঁলোকে আগবঢ়াই লৈ নগ’লে ইউনিয়ন আগবাঢ়িব নোৱাৰে। যুৱ আৰু মহিলা শক্তি সক্ৰিয় নহ’লে ইউনিয়নৰ ৰাজহাড় পোন নহ’ব। ৰেলৱে’ শ্ৰমিকৰ বহু সমস্যা সমাধানৰ ক্ষেত্ৰত মাত মাতি আহিছো। বৰ্তমান ৰেলৱে’ৰ ঠিকাদাৰী প্ৰথাত অনভিজ্ঞ শ্ৰমিকে কাম কৰাত দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। যিটো এক গুৰুতৰ আৰু উদ্বেগজনক বিষয়। ৰেলৱে’ কলনী সমূহৰ অৱস্থা অত্যন্ত বেয়া, নলা-নর্দমা, পানী–নিস্কাসন ব্যৱস্থা আদিৰ মান অনুন্নত। এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত ইউনিয়নৰ দৃঢ় ভূমিকা অব্যাহত থাকিব বুলিও উল্লেখ কৰে।’
অধিৱেশনত ৰঞ্জিত চেতিয়া, মৃণাল শীল, প্ৰদীপ চক্ৰৱৰ্তী, মনোজ সিং, আশুতোষ কুমাৰ, সম্ৰাট মিত্ৰ, মধুমিতা দে পাল আদি কৰি সংগঠনটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
