প্ৰকাশিত তাৰিখঃ ৩০ জানুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
খৰালিকাল অহাৰ লগে লগে বনাঞ্চল সমূহত সংঘটিত হ’ব পৰা বনজুই তৎকাল নিয়ন্ত্ৰণ আৰু বন্যপ্ৰাণী লগতে গছ-গছনি কিদৰে ৰক্ষা কৰিব পাৰি সেই বিষয়ত ২৮ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ চাটাৰগাঁৱত এক আখৰা সম্পন্ন হয়।
উল্লেখ্য যে যৌথভাৱে আয়োজন কৰা এই আখৰাত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এন ডি আৰ এফ) পৰিদৰ্শক পিন্টো কুমাৰ শীলৰ নেতৃত্বত ৩গৰাকী বিষয়া আৰু ৩৪গৰাকী বিভিন্ন পৰ্যায়ৰ উদ্ধাৰকাৰীয়ে অংশ গ্ৰহণ কৰে।
আনহাতে বন বিভাগৰ মধ্য অসম চক্ৰৰ পূব কামৰূপ বন সংমণ্ডলৰ ২৪গৰাকী আৰু পশ্চিম কামৰূপ বন সংমণ্ডলৰ ২৬গৰাকী বন বিষয়া–কৰ্মীয়ে অংশ গ্ৰহণ কৰে। তদুপৰি চাটাৰগাঁৱৰ ৩০গৰাকী লোকেও যৌথ আখৰাত সহযোগিতা আগবঢ়ায়।
যৌথ আখৰাত বনজুই সংঘটিত হ’লে ততালিকে নিয়ন্ত্ৰণ কৰা, তেনে ঘটনাত আক্ৰান্ত লোক বা বন্যপ্ৰাণীক নিৰাপদ উদ্ধাৰ আৰু চিকিৎসা প্ৰদান, চিকিৎসা শিৱিৰৰ ব্যৱস্থা কৰা, লগতে নতুন ঠাইলৈ বনজুই বিয়পিব নোৱাৰাকৈ নিশ্চিত কৰা কাৰ্য আদি প্ৰদৰ্শন কৰা হয়।
যৌথ আখৰাৰ তদাৰক কৰে প্ৰথম এন ডি আৰ এফ বাহিনীৰ হৈ ছেকেণ্ড-ইন-কমাণ্ড পংকজ কাভিদয়াল আৰু কুলদ্বীপ শৰ্মা, মুখ্য স্বাস্থ্য বিষয়া ডাঃ মুফটিউল কৰিম, সহকাৰী অধিনায়ক মহেশচান্দ গুৰ্জৰে। আনহাতে বন বিভাগৰ হৈ তদাৰক কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক মনোৰঞ্জন বৰ্মন, পশ্চিম কামৰপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক পুষ্পধৰ গগৈ আৰু ৰাণীৰ আঞ্চলিক বনবিষয়া ৰ’জী বৰ্মনে।
উল্লেখ্য যে যৌথ আখৰাত বন জুইত আক্ৰান্ত এজন লোকক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসা শিৱিৰত চিকিৎসা প্ৰদান কৰা কাৰ্যও বিশেষভাৱে প্ৰদৰ্শন কৰা হয়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News