প্ৰকাশিত তাৰিখঃ ২৬ মে’, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
২৩ মে’ত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত ১৭৫ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ’ৰ মুখ্য কাৰ্যালয় চৌহদত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক এক শিৱিৰ অনুষ্ঠিত হয়। অমৃতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা শিৱিৰত বাহিনীটোৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝা আৰু অভিজ্ঞ প্ৰশিক্ষকে অংশ গ্ৰহণ কৰে।
উক্ত শিৱিৰত যোগাসনৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰি শৰীৰ ভালে ৰাখিবলৈ বিভিন্ন কৌশল প্ৰদান কৰা হয়। বিশেষকৈ আসন, প্ৰণায়াম আৰু ধ্যান আদিৰ কৌশল সমূহ কেনেকৈ আয়ত্ব কৰিব লাগে তাৰ ওপৰতেই প্ৰশিক্ষণ দিয়া হয়।
উল্লেখ্য যে আধুনিক যুগৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে যোগাভ্যাস দৈনন্দিন জীৱনৰ এক অংগ কৰি ল’ব লাগিব। পৰিবৰ্তিত পৃথিৱীখনত মানসিক চাপ নিয়ন্ত্ৰণত ৰাখি কিদৰে সুস্থ-সৱল জীৱন কটাব পাৰি তাৰ লক্ষ্যৰে এই শিৱিৰৰ আয়োজন কৰা বুলি কেন্দ্ৰীয় সংৰক্ষিত বাহিনীটোৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয়। লগতে অমৃতা বিশ্ববিদ্যালয়ে আমাৰ ওচৰলৈ আহি শিৱিৰ আয়োজন কৰা বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা বুলিও ব্যক্ত কৰে।
উক্ত শিৱিৰটোত চি আৰ পি এফ’ৰ বিষয়া-জোৱান সকলে ভাগ লয়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ