প্ৰকাশিত তাৰিখঃ ১৮ জুলাই, ২০২২
কল্প ৰঞ্জন গগৈ –
ব্যক্তিৰ ভিতৰত সুপ্ত হৈ থকা পৰিপূৰ্ণতাক পূৰ্ণ বিকাশ ঘটোৱা ব্যৱস্থাই হৈছে শিক্ষা– Manifestation of the perfection in man। শিক্ষকজনেই হৈছে মনুষ্যত্ব বিকাশৰ কাৰিকৰ গুৰু দ্ৰোণাচাৰ্যই পৰীক্ষা কৰিছিল কাৰ থাকিব পাৰে সেই একাত্ম শক্তি– Power of concentration of the mind ?
সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাক্ষেত্ৰৰ বাস্তৱ পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে যদিও শিক্ষাৰ মূল লক্ষ্য– মানুহ গঢ়া– চৰিত্ৰ নিৰ্মাণ কৰা যাৰ ফলত ৰাষ্ট্ৰ নিৰ্মাণ হ’ব– সি কেতিয়াও পৰিৱৰ্তন নহয়।
শিক্ষকজনৰ কাম ছাত্ৰক নিতৌ নতুন পৰিস্থিতিৰ মুখামুখি কৰি তৰ্ক–বিতৰ্কৰ জৰিয়তে চিন্তাশক্তিক বিকশাই তোলা। তৰ্কৰ অৰ্থ কুতৰ্ক নহয়– শিক্ষকৰ কোনো কুমতলৱ থাকিব নালাগে।
কেৱল তথ্য ভৰাই দিয়া আৰু মাত্ৰ এটা পথেৰে কাম কৰা– সি হৈছে ব্ৰিটিছে এৰি যোৱা আমোলাতান্ত্ৰিক শিক্ষা পদ্ধতি সাম্ৰাজ্যবাদী শক্তিৰ ই এক স্বাভাৱিক প্ৰক্ৰিয়া যাৰ লক্ষ্য নিজৰ শাসন অটুট ৰখা। আজি তেনে এটা শিক্ষাই আমাৰ চিন্তা জগত পংগু কৰি ৰাখিছে।
এই ৰোগ নিৰাময়ৰ বাবে আমাৰ শিক্ষকসকলেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এক সচেতন মানৱ–সম্পদ অবিহনে দেশ/ পৃথিৱী পূৰণা যুগত বন্ধা হৈ থাকিব লাগিব।
জ্ঞানৰ বিকাশ হ’ব অনুশীলনৰ ফলস্বৰূপে– From practice। সেয়ে তত্ব আৰু অনুশীলনৰ– Theory and practice ফলতহে নতুন নতুন জ্ঞান উৎপত্তি হ’ব। কেৱল দক্ষতা বাঢ়িলেই জ্ঞান নাবাঢ়ে। প্ৰকৃত দৰ্শন– Philosophy অবিহনে দক্ষতা বৃদ্ধি হ’ব পাৰে কিন্তু সঠিক জ্ঞান নহ’ব। মেকুৰীটোৱে কেৱল মাছ ধৰিব পাৰিলেই নহ’ব মাও–জে–ডুঙৰ মতে সি ৰঙাও হ’ব লাগিব। আজি চীনৰ ৰং ৰঙা নহয়। সকলো আছে কিন্তু কি নাই যাৰ বাবে আদৰ্শ দেশ বুলি ক’ব পৰা নাযায়। কিহৰ বাবে ৰাছিয়াক আমি সহজে মানি ল’ব পৰা নাই?
নিজৰ দেশ ভাৰতবৰ্ষ– এসময়ৰ বিশ্বগুৰু পৰাধীন হৈছিলো, আক্ৰান্ত হৈছিলো তথাপিও বুদ্ধৰ নীতিত অটল আছিলো। পৃথিৱীৰ জ্ঞানৰ কেন্দ্ৰ আছিলো। দহ হেজাৰ ছাত্ৰ আছিল নালান্দাত। সেয়া বুৰঞ্জী– মহাকাব্য নহয়।
আৰু আজি বৌদ্ধৰ বিনয়ভাৱৰ ঠাইত ইমান অসহিষ্ঞু কিয়? দুশ বছৰীয়া ঔপনিবেশিক জীৱনে কেনেকৈ হেজাৰ বছৰৰ গৌৰৱৰ গাঁথাক বোকাৰে পুতি পেলালে– ইমান সহজে?
অসহিষ্ঞুতা বেমাৰ নহয়– বেমাৰৰ লক্ষণহে। বেমাৰ নিৰাপত্তাহীনতা আৰু শৈক্ষিক অপূৰ্ণতা। শিক্ষাক ভুচুং পহু সজোৱা হৈছে আৰু অসাম্যৰ এই সমাজ–ব্যৱস্থা নিৰাপত্তাহীনতাৰ বাবে দায়ী। এই অসাম্যতাক বজাই ৰাখিবলৈ শিক্ষক– শিক্ষা ব্যৱস্থাক দাসৰূপে গঢ়া হৈছে।
উত্তৰ বুদ্ধৰ ওপৰত আছে। প্ৰকৃত জ্ঞান আত্মবিশ্লেষন, আত্মসমালোচনাৰহে ফল। ডেকা অসমে ইয়াক বিয়পাই দিয়ক ব্যক্তিৰ পৰা ব্যক্তিলৈ। নৈৰ দৰে বৈ যাওক এই অহিষ্ঞুতাৰ বাণী। মহানমাতৃ শক্তি হৈ পৰক এই মহাশক্তিৰ উৎস। সংস্কৃতিৰ কেন্দ্ৰীয় শক্তি। তেনেকৈয়ে গঢ়ি তোলক জ্ঞানময় তন্ত্ৰৰ বুনিয়াদ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ