প্ৰকাশিত তাৰিখঃ ১৩ জানুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ অগ্ৰণী সাহিত্যানুষ্ঠান আমৰাঙা-বৰিহাটৰ শতদল শাখা নৱাৰুণ সাহিত্য সভাই এইবেলি ১৭ জানুৱাৰীৰ শিল্পী দিৱস উপলক্ষে দুগৰাকী লোক–সংস্কৃতিৰ সাধক কুমেৰীয়াৰ দেৱেশ্বৰ কলিতা আৰু মিৰ্জাৰ প্ৰভাত দাসক সম্বৰ্ধনা জ্ঞাপন কৰিব।
উক্ত দিনৰ পুৱা ৯বজাত সাহিত্যানুষ্ঠানটোৰ কাৰ্যালয়ত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হ’ব। এই কাৰ্সসুচীৰ অন্তত সাহিত্য অনুষ্ঠানটোৰ প্ৰতিনিধিয়ে দুই শিল্পীৰ গৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিব।
সেয়ে উক্ত দিনা শাখাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়া আৰু সদস্য–সদস্যাসকলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে সম্পাদক মিতুমনি দাসে।