প্ৰকাশিত তাৰিখঃ ১৫ জুন, ২০১৭
কিশোৰ তালুকদাৰ –
যোৱা তিনিবছৰ ধৰি সোণতলীৰ বিলাল হুছেইনে তেঁওৰ ১৬ বিঘা মাটিত উন্নত প্ৰজাতিৰ শাক-পাচলিৰ খেতি কৰি একেৰাহে লোকচান ভৰিছে। হুছেইনে তেঁওৰ মাটি়ৰাত বিলাহী, বেঙেণা, তিতাকেৰেলা, জলকীয়াকে ধৰি বিভিন্ন শাক–পাচলিৰ খেতি কৰি আহিছে।
আনহাতে, তেঁওৰ দৰেই সোণতলীৰ খেতিয়ককলে জলকীয়া, বিলাহী, বেঙেনা, ভেন্দি, মাহজাতীয় শস্য, আলু, তিয়ঁহ, জিকা, ভোল, ধুন্দুলি, সৰিয়হ আদিৰ খেতি কৰি আহিছে। এনেদৰেই গুৱাহাটী মহানগৰীৰপৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰত্বত এই খেতিয়কসকলে বছৰৰ আটাইকেউটা ঋতুৰ খেতি কৰি সোণতলীক শাক–পাচলিৰ এক উল্লেখনীয় কেন্দ্ৰ ৰূপে গঢ়ি তুলিছে।
তদুপৰি, সোণতলীত উৎপন্ন হোৱা ‘বালিজুৰি’ নামৰ এবিধ স্থানীয় প্ৰজাতিৰ জলকীয়াই পশ্চিম বংগ বা ভূটানৰ দৰে ঠাইত বিশেষভাৱে সমাদৃত হৈছে। সেইদৰে ফুলকবি আৰু বন্ধাকবি খেতিও তেঁওলোকে ব্যৱসায়িকভাৱে কৰি আহিছে।
বজাৰত চাহিদা সৰ্বাধিক হৈ থকাৰ সময়ত খেতিয়কসকলে যথেষ্ট লাভ উপাৰ্জন কৰে। কিন্তু বজাৰৰ চাহিদা কমি যোৱাৰ লগে লগেই বিলাল আৰু তেঁওৰ সহযোগী খেতিয়কসকলে হয় কম দামত পাচলি বিক্ৰী কৰিবলগীয়া হয়– নহ’লে পেলাই দিবলগীয়া হয়। কিয়নো সোনকালেই নষ্ট হ’বলৈ ধৰা এই সামগ্ৰীবোৰ থবৰ বাবে অঞ্চলটোত খাদ্য শীতলীকৰণ ভঁৰালৰ সুবিধা নাই।
সোণতলীৰ খেতিয়সকলে ৰাজ্যচৰকাৰৰ কৃষি আৰু উদ্যানশস্য বিভাগৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই একেজৰা মাটিতে কেইবাবাৰো খেতি কৰাৰ উপৰিও একডৰা মাটিতে বিভিন্ন খেতি উৎপাদন কৰি আহিছে। কিন্তু খেতিয়কসকলে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো চৰকাৰে তেঁওলোকৰ বাবে শস্য মজুত কৰি ৰাখিবলৈ শীতলীকৰণ ভঁৰাল এটি স্থাপন কৰা নাই। সেয়েহে শস্য মজুত কৰা ব্যৱস্থা নথকাত খেতিয়কসকলে শস্যৰ উৎপাদন ব্যয় লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে প্ৰতিবছৰে লোকচানৰ সমুখীন হৈ আহিছে।
“প্ৰতি বছৰে খেতিত টকা খটুওৱাৰ পিছত মোৰ তিনিলাখমান টকাৰ লোকচান হয়। উপযুক্ত মূল্যক শস্য বিক্ৰী কৰিব নোৱাৰিলে সনকালেই নষ্ট হৈ যোৱা এই পাচলিবোৰৰ উপযুক্ত সংৰক্ষণৰ দৰকাৰ, যাতে টকাৰ মূল্য উঠাৰ সময়ত আমি বেচিব পাৰোঁ। তাৰ বাবেই আমাক শীতলীকৰণ ভঁৰাল এটিৰ আৱশ্যক। শীতলীকৰণ ভঁৰাল এটি নথকাৰ বাবেই এতিয়া আমি শস্যবোৰ পথাৰতে পচিবলৈ পেলাই দিবলগীয়া হয়, কিয়নো লাভৰ মুখ দেখা বাদেই, শস্য চপোৱা বা বজাৰলৈ কঢ়িয়াই নিয়াৰ বাবদ অতিৰিক্ত পইচাহে ভৰিবলগীয়া হয়”– বুলি বিলালে নিজাইন ডট কম-ক জনায়।
সোণতলী গাৱঁৰ প্ৰায় ৫০০০ খেতিয়কে বৱসায়িকভাৱে শাক-পাচলিৰ খেতি কৰে।সোণতলীৰ কৃষি উন্নয়ন বিষয়া শৈলেন্দ্ৰ প্ৰসাদ শইকীয়াই কোৱা মতে, দক্ষিণ কামৰূপৰ পাচলিৰ বজাৰখনৰ সিংহভাগেই সোণতলীৰ পাচলিৰে পূৰ হয়।
কৃষিৰ বাবে খেতিয়কসকলে প্ৰায় প্ৰতি ইঞ্চি মাটিৰ সদব্যৱহাৰ কৰে। তেঁওলোকে একেডৰা মাটিতে বিভিন্ন খেতি যেনে- কুঁহ্য়াৰৰ সৈতে জিকা, বেঙেনাৰ সৈতে জলকীয়া আৰু বন্ধাকবিৰ সৈতে পটল আদি কৰি আহিছে। কৃষিবিভাগৰ ২০১৫–১৬ বৰ্ষৰ তথ্যই সোণতলীত ১২০২ হেক্টৰ মাটিত, ৬০০ হেক্টৰ মাটিত মাহজাতীয় শস্য আৰু ২৫৫৪ হেক্টৰ মাটিত মছলাৰ খেতি কৰা হয়। সৰিয়হৰ খেতি কৰা হয় ৪৩২২ হেক্টৰ মাটিত।
আনহাতে, গুলজাৰ হুছেইন নামৰ কৃষক তথা ব্যৱসায়ী গৰাকীয়ে ক্ষোভেৰে কয় যে– সোণতলীৰ খেতিয়কসকলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ কৃষি মন্ত্ৰী নীলমনি সেন ডেকাৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ শীতলীকৰণ ভঁৰাল এটি স্থাপন কৰিবলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ
উৎসঃ নিজাইন