প্ৰকাশিত তাৰিখঃ ১১ আগষ্ট, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
অসমৰ যাত্ৰা জগতত তৃতীয় বৰ্ষৰ বাবে ৰাইজৰ আশীষ বিচাৰি দক্ষিণ কামৰূপৰ যাত্ৰা জগতত অগতানুগতিক বিশাল নাট্য প্ৰতিশ্ৰুতিৰে ২০২৫-২৬ তৃতীয় নাট্য বৰ্ষত চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ বৰিহাটৰ আসৰা গৃহত নাট আখৰাৰ শুভ উদ্বোধন কৰা হয়।
ভাৰ্গবেন্দু নাট্যদলৰ শিল্পী মোহন কলিতাই আঁত ধৰা অনুষ্ঠানটিত কীৰ্তন পাঠ, গুৰু বন্দনা, নাৰিকল ভঙা আদি বিভিন্ন মাঙ্গলিক অনুষ্ঠানৰ পিছতে এখনি মুকলি সভাৰ মাজেৰে এই বৰ্ষৰ দুখন নাট ডিম্পল কুমাৰ দাসৰ অভিযোজনা আৰু পৱন মহন্তৰ পৰিচালনাৰে পৌৰাণিক নাট ‘যুগসন্ধি’ আৰু ৰমা বৰ্মনৰ ৰচনা আৰু মুনীন দাস আৰু পৱন মহন্তৰ পৰিচালিত সামাজিক নাট ‘নিষিদ্ধ এলেকাৰ গাভৰু’ নাট দুখন আখৰাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে নাট্যকাৰ হীৰেন কলিতা আৰু জেষ্ঠব্যক্তি উমেশ দাসে।
উক্ত সভাতে নাট্যদলটোৰ চুক্তিবদ্ধ হোৱা সমূহ কলা–কুশলীৰ লগতে বিভিন্ন বিষয়ত দায়িত্বভাৰ গ্ৰহণ কৰা ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে প্ৰযোজকদ্বয় তপন কলিতা আৰু পবিত্ৰ কলিতাই। লগতে অনুষ্ঠানৰ মাজতে নাটৰ কিছু দৃশ্যাংশৰ আখৰা কৰে।
বিগত বৰ্ষ দুটিৰ দৰেই এই বছৰৰো নাট্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি আশা প্ৰকাশ কৰে প্ৰযোজক দ্বয়ৰ লগতে তথ্য আৰু প্ৰচাৰ সম্পাদক মণ্টু কলিতাই।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ