প্ৰকাশিত তাৰিখঃ ১১ আগষ্ট, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
বৃত্তিমুখী শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু ভৱিষ্যত নিয়োগ আৰু নিয়োজনৰ বাট মুকলি কৰাৰ লগতে কৃষি শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে দেশৰ উন্নয়নত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে দক্ষিণ কামৰূপৰ বৰিহাটস্থিত বিদ্যালয় বেলি একাডেমিয়ে ৮ আগষ্ট শুক্ৰবাৰে কাহিগঙ্গা পথাৰত মুকলি কৰে এটি বাৰ্ষিক কৃষি প্ৰকল্প।
বেলি একাডেমিৰ ‘পথাৰ আমাৰ সপোন আমাৰ’ শীৰ্ষক কৃষি প্ৰকল্পৰ অধীনত বিদ্যালয়খনৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে মাটিৰ প্ৰস্তুতি, বীজ সিঁচা, কঠীয়া প্ৰস্তুতকৰণত অংশ গ্ৰহণ কৰাৰ পিছত বিদ্যালয়খনৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত পথাৰত কঠীয়া ৰোপন কৰে। শাওনৰ বোকা-পানীৰে উপচিপৰা পথাৰত মইনাসকলে সমূহীয়াভাৱে কৃষি কাৰ্যত জড়িত হৈ উৎফুল্লিত হৈ পৰে।
উল্লেখ্য যে বৃত্তিমূলক শিক্ষাৰ অধীনত কৃষি শিক্ষাক বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ বাধ্যতামূলক ব্যৱহাৰিক বিষয় হিচাপে পাঠ্যক্ৰমত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। কেৱল কিতাপৰ অধ্যয়নতে সীমাবদ্ধ থকাৰ বিপৰীতে কামৰ জৰিয়তে শিক্ষাৰ নতুন ধাৰাক আগুৱাই নিবৰ বাবে বিগত কেইবা বছৰৰ পৰা বিদ্যালয়খনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিগত বৰ্ষতো ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত নিজে কৰা শষ্য বজাৰত বিক্ৰী কৰি ব্যতিক্ৰমী চিন্তাৰ পৰিচয় দিছিল।
শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০য়েও বৃত্তিমূখী শিক্ষাৰ অধীনত ব্যৱহাৰিক কৃষি শিক্ষাক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে।
দক্ষিণ কামৰূপৰ এই বিদ্যালয়খন ইতিমধ্যে বিগতবৰ্ষত এটা ৰাষ্ট্ৰীয় সংস্থাৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ এহেজাৰখন বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ