প্ৰকাশিত তাৰিখঃ ১৪ এপ্ৰিল, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
৯ এপ্ৰিলত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় চৌহদত শৌৰ্য দিৱস পালন কৰা হয়। উল্লেখ্য যে ১৯৬৫ চনৰ ৯ এপ্ৰিলৰ দিনটোত পৰিহাৰ গুজৰাটৰ কচ্ছ অঞ্চলত থকা এটি চি আৰ পি এফৰ ব্ৰিগেডৰ ওপৰত পাকিস্তানী সেনাই অপ্রৰোচিত আক্ৰমণ চলাইছিল। পাকিস্তানী সেনাৰ সেই আক্ৰমণক সাহসৰে প্রতিহিত কৰিছিল চি আৰ পি এফৰ বাহাদুৰ জোৱান সকলে।
উল্লেখনীয় যে সেই দিনটোত চি আৰ পি এফৰ সাহসী জোৱান সকলে বাৰ ঘণ্টা ধৰি অসীম বীৰত্বৰে যুদ্ধ কৰি দেশপ্ৰেমৰ অনন্য উদাহৰণ দাঙি ধৰিছিল। চি আৰ পি এফ বাহিনীয়ে বীৰ যোদ্ধা সকলৰ সোঁৱৰণত শৌৰ্য দিৱস পালন কৰি আহিছে।
ৰাণীৰ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শ্বহীদ স্মৃতি সৌধত বীৰ জোৱান সকলৰ প্রতি শ্ৰদ্ধা নিবেদন কৰি কাৰ্যসূচীৰ শুভাৰম্ভন কৰে বাহিনীটোৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। ইয়াৰ পাছত সভাগৃহত আয়োজিত এখন সৈনিক সন্মিলন সম্বোধন কৰি কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই শৌৰ্য দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে।
অনুষ্ঠানটোত বাহিনীটোৰ পদক লাভ কৰা বীৰ যোদ্ধা, বীৰ মাতৃ, বীৰ নাৰী সকলক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বাহিনীটোৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী মেধা ঝা, ছেকেণ্ড–ইন–কমাণ্ড অলকা মিশ্ৰ আৰু মুকুণ্ড মোহন, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱকে ধৰি কেবাজনো বিষয়া-জোৱান আৰু তেঁওলোকৰ পৰিয়ালৰ লোক, বীৰ নাৰী সন্তান সকল উপস্থিত থাকে।
উক্ত দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহনীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ কেবাগৰাকী বিষয়া-জোৱান আৰু পৰিয়ালৰ সদস্যই দেশ প্ৰেম মূলক নৃত্য-গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ