Monday, July 28, 2025
HomeNEWSবনৰীয়া হাতীৰ অহা–যোৱা পথত সতৰ্কতামূলক ফলক

বনৰীয়া হাতীৰ অহা–যোৱা পথত সতৰ্কতামূলক ফলক

প্ৰকাশিত তাৰিখঃ ৭ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম-মেঘালয় সীমাৰ বৃহত্তৰ ৰাণী অঞ্চলত হাতী-মানুহৰ সংঘাত এটা গুৰুতৰ সমস্যা। বছৰ বছৰ ধৰি চলা বনৰীয়া হাতীৰ তাণ্ডৱে সীমান্তবাসী ৰাইজক জ্বলাকলা খুৱাইছে।

উল্লেখ্য যে উই ফাউণ্ডেশ্যন ইণ্ডিয়া নামৰ সংস্থা এটাই লাছা শ্বেয়াৰ এণ্ড কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত আৰু বন বিভাগৰ তত্বাৱধানত হাতী মানুহৰ সংঘাত প্ৰশমন কাৰ্যসূচীৰ অংশ হিচাপে ৰাণী মৈৰাপুৰ, নালাপাৰা, সুৰপানী, গাৰোপাৰা আদি অঞ্চলৰ হাতীৰ বিচৰণ এলেকাৰ পথৰ কাষত সতৰ্কতামূলক ফলক লগোৱা হৈছে। এই পথেৰে অহা যোৱা কৰা জনসাধাৰণক হাতীৰ বিচৰণৰ বিষয়ে অবগত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

১ জুলাইত এই কাৰ্যসূচীৰ শুভাৰম্ভণ কৰে পূৱ কামৰূপ বন সংমণ্ডলৰ সংমণ্ডল বিষয়া অশোক কুমাৰ দেৱচৌধুৰীয়ে। উক্ত অনুষ্ঠাত উপস্থিত থাকে ৰাণীৰ বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মন, উই ফাউণ্ডেশ্যন ইণ্ডিয়াৰ জেষ্ঠ বিষয়া নীলোৎপল মহন্ত, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দিনেশ নাথ, গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা সংগীতা দাস লগতে এই অঞ্চলৰ কৃষক জোন ৰাভা, কৃষক শিৱ ঠাকুৰীয়াকে ধৰি অন্যান্য ৰাইজ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward