Monday, July 28, 2025
HomeNEWSৰাণীত সমূহীয়া কঠিয়াতলী প্ৰস্তুত

ৰাণীত সমূহীয়া কঠিয়াতলী প্ৰস্তুত

প্ৰকাশিত তাৰিখঃ ৭ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

ভৰপক খেতিৰ সময়তে বান পৰিস্থিতি, বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ লগতে বনৰীয়া হাতীৰ তাণ্ডৱতো নষ্ট হৈ পৰে খেতিয়কৰ পথাৰ। ৰাণী কৃষি কৃষি উন্নয়ন চক্ৰই তেনেবোৰ খেতিয়কক সকাহ দিবলৈ সমূহীয়া কঠিয়াতলীৰ ব্যৱস্থা কৰিছে।

২ জুলাইত ৰাণী কৃষি উন্নয়ন চক্ৰৰ উদ্যোগত বাহুপাৰত ১ হেক্টৰ কৃষি ভূমিত উন্নতমানৰ গীতেশ জাতৰ ধানৰ বীজ ছটিয়ায়। উল্লেখ্য যে, বানত ক্ষতিগ্রস্ত, বিভিন্ন ৰোগত আক্রান্ত আৰু বনৰীয়া হাতীয়ে নষ্ট কৰা কৃষকসকলক বিনামুলীয়াকৈ এই কঠিয়া প্রদান কৰিব বুলি সদৰি কৰিছে কামৰূপ জিলা কৃষি বিষয়া মানৱজ্যোতি দাসে।

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে মহকুমা কৃষি বিষয়া মৌচুমী হাজৰিকা ভূঞা, ৰাণী কৃষি উন্নয়ন চক্ৰ বিষয়া ভাস্বতী শৰ্মা, কৃষি সম্প্ৰসাৰণ কৰ্মী সদানন্দ বৈশ্য, অচ্যুৎ বৰ্মন, বাবুল বড়োই উপস্থিত থাকে।

আনহাতে, ৰাণীস্থিত ৰাংচাৰী ফাৰ্মাৰচ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অন্যতম সঞ্চালক অনন্ত কুমাৰ বড়ো, সঞ্চালক মণ্ডলীৰ অন্যান্য সদস্য আৰু মুখ্য কাৰ্যবাহী বিষয়া জাকিৰ হুছেইনো উক্ত কাৰ্যসূচীত উপস্থিত থাকে।

উল্লেখ্য যে ৰাণীৰ কৃষি উন্নয়ন বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে অঞ্চলটোৰ কৃষকসকলক আবেদন কৰিবলৈও আহ্বান জনাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward