Wednesday, October 16, 2024
HomeARTICLEসমৃদ্ধ গান্ধী চিন্তা

সমৃদ্ধ গান্ধী চিন্তা

প্ৰকাশিত তাৰিখঃ ১৪ অক্টোবৰ, ২০২৪

কল্পৰঞ্জন গগৈ –

সন্দেহ আৰু ঘৃণাৰেভৰা বিশ্বৰ মানুহ শোকগ্ৰস্ত আৰু শংকাগ্ৰস্ত হৈ থকা সময়ত মানুহ সন্দিহান হৈ পৰে। যিকোনো মানৱীয় প্ৰচেষ্টাৰ ফলশ্ৰুতিৰ প্ৰতি তাহানিৰ দিনৰে পৰা এক দ্বন্দমূলক প্ৰক্ৰিয়াৰে উত্তৰণ ঘটা গণতন্ত্ৰ আৰু মানৱীয় বোধৰ প্ৰতি মানুহ সন্দিহান হৈ নিজৰ অজানিতে ফেচিবাদী একনায়কতন্ত্ৰৰ পক্ষ লয়গৈ। গণতান্ত্ৰিক অনুশীলনৰ বাবে গণতন্ত্ৰৰ ভৱিষ্যতৰ ওপৰত বিশ্বাসৰ প্ৰয়োজন। গণতন্ত্ৰ যে বিজ্ঞানমনস্কতাৰ অংগ ইয়াক পাহৰিলেই সমাজত ফেচিবাদে গা কৰি উঠে আৰু তেতিয়াই ঘৃণাই শিপা মেলে আৰু সমাজখনক মেৰিয়াই ধৰে।

১৯৯০ চনৰ পৰা বেপাৰীৰ বিশ্বায়নৰ পিছৰেপৰা এনেধৰণৰ উত্তৰ আধুনিক চিন্তাই পৃথিৱীখনক গ্ৰাস কৰাৰ লগে লগে বিশ্বৰ অস্থিৰতা বাঢ়িছে। উদাহৰণ ইজৰাইলী হিংসা, মণিপুৰৰ হিংসা, আৰ জি কৰৰ হিংসা, আমেৰিকাৰ ভাৰতীয় বিৰোধী হিংসা, কচুতলীৰ বেআইনী উচ্ছেদৰ লগতে সমগ্ৰ বিশ্বৰ চুকে–কোণে ঘটি থকা লক্ষ লক্ষ ঘটনা। উৎস এটাই– গণতন্ত্ৰবিহীন উদাৰপন্থী ৰাজনীতি (Neo–Liberal Non Democratic Politics)। সেয়ে নিৰ্বাচন আজি যাদুৰ দৰে (Election are now Miracles)।

খ্ৰীষ্টপূৰ্ব ষষ্ঠ– সপ্তম শতিকাতে ভাৰতবৰ্ষৰ ভগৱন্ত বুদ্ধই বহুজনৰ হিত আৰু সুখৰ বাবে জ্ঞান, সংগঠন আৰু অহিংসা কৰ্মনীতিৰ কথা কৈছিল। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ইয়াৰ সম্প্ৰসাৰণৰ বাবে কৰ্মী বাহিনীয়ে জ্ঞানৰ সম্প্ৰসাৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

সম্ৰাট অশোকে এই আদেশ আখৰে আখৰে পালন কৰি বিশ্বক পোহৰাইছিল। এই শক্তিৰ সহায়ত মহাত্মাই জগত চেঠসকলে মাতি অনা বগা বঙালক দেশৰ পৰা বাহিৰ কৰিছিল। জগত চেঠ হৈছে বণিয়া। বণিয়াৰ ঐক্যৰ বাবে ভাল বুলি বিদেশীক সহায় কৰিছিল। নিজৰ স্বাৰ্থ পূৰণৰ লগে লগে দেশৰ কিবা উন্নতি হয় যদি হওক। হয়তো ভাবিছিল যে, তেওঁলোকৰ দেশৰ নীতিকেই ভাৰতবৰ্ষত প্ৰচলন কৰিব। অথবা তেওঁলোকৰ এৰেহাৰে চেঠসকল সমৃদ্ধ হ’ব।

দেশখন স্বাধীন হোৱাৰ চাৰি মাহৰ পিচতে মহাত্মাক হত্যা কৰা হ’ল। কিয়? কোনে? কাৰ লাভৰ বাবে? ইয়াৰ সঠিক উত্তৰ আমাক লাগে। বিশেষকৈ স্বাধীনতা যোদ্ধাসকলৰ উত্তৰসুৰীসকলক। কাৰণ মহাত্মাই কৈছিল স্বাধীন ভাৰত হ’ব অন্যায়মুক্ত। য’ত কোনেও চকুপানী টুকিব নেলাগিব।

দেশৰ জনগণে ঠিক কৰক– ভৱিষ্যতে গান্ধীৰ উদয়ৰ দিন কেনেকৈ পালন কৰিব। বৰ্তমানৰ সংকটে গান্ধীৰ দৰ্শন অধিক প্ৰাসংগিক কৰি তুলিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward