Tuesday, July 1, 2025
HomeNEWSৰাণীৰ মৈৰাপুৰত কংগ্ৰেছ দলৰ সাংগঠনিক সভা

ৰাণীৰ মৈৰাপুৰত কংগ্ৰেছ দলৰ সাংগঠনিক সভা

প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ মৈৰাপুৰ গাৰোবস্তিত ৮জুনত ছয়ানী–ৰাণী ব্ল’ক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখনি সাংগঠনিক সভাৰ আয়োজন কৰে। উক্ত সভাখন ৰাণী–ছয়ানী ব্ল’ক কংগ্ৰেছ কমিটিৰ সভাপতি মুকুট দাসে পৌৰহিত্য কৰে।

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনত বিভিন্ন পদবীত বিজয়ী প্ৰাৰ্থীসকলক এই সভাতে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত সাংগঠনিক দিশৰ ওপৰত চলা আলোচনাকালত বিভিন্ন পৰ্যায়ৰ নেতা–কৰ্মীসকলে নিজৰ নিজৰ বক্তব্য সমূহ দাঙি ধৰে। লগতে ২০২৬ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ বাবেও দলটোৱে বিশেষ ৰণ কৌশল প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে।

সাংগঠনিক সভাখনত পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক নৃপেন ঠাকুৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰণৱ কলিতা, প্ৰদেশ কংগ্ৰেছৰ জনজাতীয় কোষৰ সভাপতি উমাকান্ত ৰাভা, অনুসূচীত জাতি কোষৰ সভাপতি তৰুণ দাস, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উপ–সভাপতি বিপ্লৱ তালুকদাৰ, কিশোৰ দাস, ৰামপুৰ ব্ল’ক কংগ্ৰেছৰ সভাপতি মাখন দাস লগতে ছয়ানী–ৰাণীৰ মণ্ডল, ব্লক পৰ্যায়ৰ কমিটি সমূহৰ নেতা–কৰ্মীসকলে অংশ গ্ৰহণ কৰে।

আনহাতে, এক আছুতীয়া আলোচনাকালত প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰত চলি থকা ভূমি সংক্ৰান্তীয় প্ৰতিবাদক সমৰ্থন জনায়। লগতে বৰদুৱাৰৰ জনজাতি ৰাইজ শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰোৱা চৰকাৰখনৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়– ‘২০২৩ চনত অসম চৰকাৰে এক নিৰ্দেশনা জাৰী কৰিছিল। সেই নিৰ্দেশনা অনুসৰি– ট্ৰাইবেল বেল্ট এণ্ড ব্ল’কৰ অন্তৰ্ভূক্ত বাট–পথৰ দুয়োপাৰৰ ৭০০ মিটাৰ ভুমি সংৰক্ষণ মুক্ত কৰি ৰাখিছিল। সেই আইনৰ গইনাৰে চৰকাৰে ইতিমধ্যে ৰাণী গেটৰ পৰা ৰাণী–চানডুবি আৰু মিৰ্জা–চানডুবি পথৰ দুয়োপাৰ সংৰক্ষণ মুক্ত কৰি লৈছে।’

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward