Thursday, February 6, 2025
HomeNEWSসাংবাদিক জিতুমণি দাস চিকিৎসাধীনঃ দল-সংগঠনৰ আশু-আৰোগ্য কামনা

সাংবাদিক জিতুমণি দাস চিকিৎসাধীনঃ দল-সংগঠনৰ আশু-আৰোগ্য কামনা

প্ৰকাশিত তাৰিখঃ ৬ ফেব্ৰুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসমীয়া খৱৰ, দৈনিক গণ অধিকাৰ, অসম‌ ভূমি (সাপ্তাহিক) কাকতৰ পশ্চিম গুৱাহাটীৰ আজাৰাৰ সংবাদ দাতা তথা দক্ষিণ কামৰূপৰ মফচলীয় সংবাদ জগতৰ চিনাকি নাম জিতু মণি দাস মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ আছে। পাকস্থলীৰ ৰোগত আক্ৰান্ত সংবাদসেৱী গৰাকী বৰ্তমান বিপদ মুক্ত।

সংবাদসেৱী গৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে- বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ ‘বহুবাক’ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্‌ লক্ষ্মীন্দ্ৰ সিংহ, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰী, ‘জ্যোতিৰূপা’ৰ সাধাৰণ সম্পাদক ড০ নৰেন হাজৰিকা, সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য, আজু’ৰ কামৰূপ জিলা সমিতিৰ সভাপতি দিলীপ নাথ, অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, আকাশ বাণী, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, ‌নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ মুখ্য উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, অসম‌ সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ তাৰিণী কান্ত গোস্বামী, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, সাহিত্য সাধনা মঞ্চ, অসমৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উপদেষ্টা কমল চন্দ্ৰ মেধি, বিশিষ্ট গীতিকাৰ-সুৰকাৰ ডিজেন কাকতি, প্ৰবীণ লেখক দুৰ্গা প্ৰসাদ শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস, পশ্চিম গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কলিতা, কাৰ্যকৰী সভাপতি ভবেশ কলিতা আৰু সম্পাদক হানী জৈন, পৰাগ জ্যোতি প্ৰকাশন, অসম‌ শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰং’ আদি ‌দল-সংগঠনে‌‌।

অতিশীঘ্ৰে সংবাদসেৱী গৰাকী সুষ্ঠ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ইতিমধ্যে পশ্চিম গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কলিতা, প্ৰচাৰ সম্পাদক জোন ৰাভা, বহুবাকৰ সম্পাদক তথা সাংবাদিক দীপক শৰ্মাকে ধৰি কেবাজনো সাংবাদিকে চিকিৎসালয়ত গৈ জিতুমণি দাসৰ স্বাস্থ্যৰ বুজ লৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward