প্ৰকাশিত তাৰিখঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চানডুবি বিলৰ পাৰৰ এখন গাঁও ৰাজাপাৰা। এইখন গাঁৱতে ২২ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল ৰাজাপাৰা কলাগুৰু বিষ্ঞু ৰাভা যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ। ২৩ ফেব্ৰুৱাৰী আছিল সোণালী জয়ন্তীৰ শেষ দিন। মাৰাথন দৌৰ প্ৰতিযোগিতাৰে শেষৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰা হয়। এই প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰী সতীশ নংবাগে।
দুপৰীয়া আৰম্ভ হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ। এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সমূহ প্ৰদৰ্শন কৰা হয়। শোভাযাত্ৰা উদ্বোধন কৰে ৰাজাপাৰা গাঁৱৰ বিশিষ্ট ব্যক্তি বৰ্তমান ডিফু মেডিকেল কলেজৰ সহকাৰী অধ্যাপক ডাঃ গুণমনি ৰাভাই।
আবেলি উদযাপন সমিতিৰ সভাপতি ৰাতুল ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ পাঠ কৰে কলাগুৰু বিষ্ঞুৰাভা যুৱ সংঘৰ সভাপতি মহেশ ৰাভাই। উক্ত সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ট্ৰাইবেল ইণ্ডিজেনাচ অ’মেনচ ফ’ৰামৰ মুখ্য আহ্বায়ক ড০ অঞ্জলি দৈমাৰীয়ে কয়– পুথিভঁৰাল আজিকালি গাঁৱে–ভূঁৱে দেখিবলৈ পোৱা নাযায় আৰু থাকিলেও মানুহে কিতাপ পঢ়িবলৈ নাযায়। ঘৰত ৰখা কাকত–আলোচনী সমূহো নপঢ়ে। আনকি টিভিত বাতৰিও নাচায়। এতিয়া বিচনাত বহি ম’বাইলত চ’ছিয়েল মিডিয়া চায়। কিন্তু তাতো গুৰুত্বপূৰ্ণ বাতৰি কিমান সংখ্যকে চায়? এটা অনুষ্ঠান পঞ্চাশটা বৰ্ষ উদযাপন কৰিবপৰাটোও সৌভাগ্যৰে কথা। তেওঁ কয়– পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰবিধ হ’ল শিক্ষা। শিক্ষাই আমাক অকল ডিগ্ৰীৰ চাৰ্টিফিকেটেই নহয় মুৰ তুলি কথা কোৱাৰ সাহস দিয়ে, উন্নতিৰ পথ দিয়ে। আমাৰ অশিক্ষিত, অৰ্থনৈতিকভাৱে দুৰ্বল মা–দেউতা সকলে সন্তানক ধন দি যাব নোৱাৰিব পাৰে। কিন্তু উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি গ’লে সেইসকল সন্তানে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। সেয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবই লাগিব। তেনেক্ষেত্ৰত যুৱ সংগঠন সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
মুকলি সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ সুভাষ ৰাভা, অসম বিজেপি’ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ মেধি, নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক দেৱজিৎ নাফাই। সভাত উপস্থিত থাকি ড০ সুভাষ ৰাভাই কয়– শিক্ষাৰ পৰা আৰম্ভ কৰি গাঁওখনৰ সামাজিক পৰিৱেশ বৰ্তাই ৰখালৈকে অনেক দায়িত্ব আছে যুৱ সংগঠন সমূহৰ। ৰাজাপাৰা কলাগুৰু বিষ্ঞু ৰাভা যুৱ সংঘই আৰম্ভনি কালছোৱাত যি লক্ষ্য আৰু উদ্দেশ্যেৰে আগবাঢ়িছিল সেইদৰে ভৱিষ্যতেও আগবাঢ়ি যাওক, কামনা থাকিল। আন এগৰাকী বিশিষ্ট অতিথি অনুপ মেধিয়ে কয়– আমি সকলোৱে একেমুখে কৈছো– সুন্দৰভাৱে এই অনুষ্ঠানটোৰ সোণালী জয়ন্তী উদযাপন কৰিছো। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মক নিজৰ স্বকীয়তা আগবঢ়াই নিবলৈ চিন্তা–চৰ্চাৰ কথা ক’বই লাগিব।
মুকলি সভাৰ মাজে মাজে কাজিৰঙা আৰু মৰিগাঁৱৰ পৰা অহা বড়ো, তিৱা জনগোষ্ঠীৰ দল দুটাই কৃষ্টি পৰিৱেশন কৰে।
মুকলি সভাখনত ছয়গাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক যোগেন বড়ো, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিতেশ্বৰ ৰাভা, সমাজকৰ্মী ৰীণা গয়াৰী, ৰাজাপাৰাৰ বাসিন্দা সমুদ্ৰ ৰাভা, আনন্দ ৰাভা, বৰদুৱাৰ –ভোলাগাঁও আঞ্চলিক ৰাভা জাতীয় সংগঠনসমূহৰ পৰে ক্ৰমে– কমলেশ্বৰ ৰাভা, বিচিত্ৰ ৰাভা, ধনঞ্জয় ৰাভা, সত্যজিৎ ৰাভা, ভাৰতী ৰাভা, পক্ষীৰাজ ৰাভাকে ধৰি বহু সংখ্যক নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।
নিশা সাংস্কৃতি মঞ্চ মুকলি কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক প্ৰিয়ব্ৰত হাজৰিকাই। সাংস্কৃতিক অনুষ্ঠানত দীপশিখা বৰা, ব্ৰজ কুমাৰ ৰাভা, মানস প্ৰতিম, উপমা ৰাভা, ভাঙা টিভি কৌতুক গোষ্ঠী লগতে বহু সংখ্যক স্থানীয় শিল্পীয়ে গীত–মাত পৰিৱেশন কৰে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News