প্ৰকাশিত তাৰিখঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চানডুবি বিলৰ পাৰৰ ৰাজাপাৰাৰ কলাগুৰু বিষ্ঞু ৰাভা যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ ২২ ফেব্ৰুৱাৰীৰপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনটোৰ কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলেনেৰে মুকলি কৰা হয়। ইয়াৰ পিছত ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশখন পতাকা উত্তোলন কৰা হয়। স্মৃতি তৰ্পণ কৰে সংঘটোৰ গুৰি ধৰোঁতা ইন্দ্ৰমোহন ৰাভাই। গছপুলি ৰোপণ কৰে লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে। আদৰণি তোৰণ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই। অতিথিশালা মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা ৰশ্মিবালা ৰাভাই। প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগে।
দুপৰীয়া মঞ্চ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। আবেলিৰ মুকলি সভাখন সঞ্চালনা কৰে লোকসংস্কৃতিৰ গৱেষক ভূবিন ৰাভাই। এই মঞ্চতে সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণীল ক্ষণ’ উন্মোচন কৰা হয়।
সভাত বিশিষ্ট অতিথিৰূপে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী লগতে সৌভাগ্য ক্ৰমে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সাধাৰণ পাৰিষদ উৰ্দ্ধৱ ৰাভা, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালীয়ে উপস্থিত থাকে।
বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি টংকেশ্বৰ ৰাভাই কয়– অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা লগতে বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জলৈকে যদি চাওঁ তেনেহ’লে কলাগুৰু বিষ্ঞুপ্ৰসাদ ৰাভাৰ নামত বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ নাম দেখিবলৈ পাম। দক্ষিণ কামৰূপৰ চানডুবি পাৰৰ কলাগুৰু বিষ্ঞুৰাভা যুৱ সংঘৰ আজি সোণালী জয়ন্তী বৰ্ষ। যুৱশক্তিৰ উদ্যোগত গাঁওবাসীয়ে অতি উলহ–মালহেৰে সোণালী জয়ন্তী বৰ্ষৰ আয়োজন কৰিছে। এটা যুৱ সংঘৰ আস্থা আৰু নিষ্ঠাৰে পঞ্চাশটা বৰ্ষ অতিক্ৰম কৰিবপৰাটো এক নিৰৱ সাধনাৰ দৰে। তেওঁ কয়– আজিৰ পৰা ত্ৰিশ বছৰ আগৰ যোগাযোগ ব্যৱস্থা আৰু আজি ২২ ফেব্ৰুৱাৰীৰ যোগাযোগ ব্যৱস্থা আকাশ–পাতাল পাৰ্থক্য। য’ত ম’বাইল দুনীয়াৰ বাদে অন্য একো বিচাৰি নাপাওঁ। কিন্তু ম’বাইলে সকলো দিলেও বাস্তৱত গ্ৰন্থ অধ্যয়নেহে আমাক সঠিক বাট দেখুৱাব পাৰে।
অন্য এগৰাকী অতিথি পংকজ লোচন গোস্বামীয়ে কয়– আজি যুৱ সংঘটোৰ সোণালী জয়ন্তী। পঞ্চাশটা বৰ্ষত কি কি কাম কৰা হৈছে সেয়া স্মৃতি ৰোমন্থন কৰিছে। আৰু পছিশটা বৰ্ষৰ পিছত আপোনালোকে হীৰক জয়ন্তী বৰ্ষ পালন কৰিব। এইখিনি সময়ত আমি অঞ্চলটো আগুৱাই নিবলৈ কি কি ব্যৱস্থা হাতত লোৱা হ’ব সেয়াও যুৱ সংঘই সিদ্ধান্ত ল’ব লাগিব।
আনহাতে মঞ্চ উদ্বোধক ৰমাকান্ত ৰাভাই কয়– আজিকালি মানুহবোৰে অধ্যয়নৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমক অধিক গুৰুত্ব দিলেও সেয়া ছপা গ্ৰন্থ অধ্যয়নৰ সমান হ’ব নোৱাৰে। দৰাচলতে ছপা গ্ৰন্থ অধ্যয়নহে শ্ৰেয়। সেয়ে যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়ন জনপ্ৰিয় কৰি তুলিবলৈ হ’লে সংঘবোৰেই অধিক গুৰুত্ব দিব লাগিব।
উক্ত সভাখনত ৰাজাপাৰা কলাগুৰু বিষ্ঞুৰাভা যুৱ সংঘৰ প্ৰাক্তন সভাপতি নগেন ৰাভা, সঞ্জীৱ ৰাভা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক মুকুট ৰাভা, প্ৰসন্ন ৰাভা, সন্তোষ ৰাভা, বিপুল ৰাভা, লক্ষী ৰাভা, ৰঞ্জিৎ ৰাভা, অসম মাতৃ এম ভি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বিকাশ কছাৰী, মুদুকী এল পি স্কুলৰ প্ৰধান শিক্ষক ভাৰত ৰাভা, পোষ্টমাষ্টৰ যাদৱ কছাৰী, দিগেন ৰাভা, হিতেশ ৰাভা, বিন্দু ৰাভা, যুগল ৰাভা, মজিন ৰাভাই নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।
আবেলি ন–পুৰণি সতীৰ্থৰ সন্মিলনৰ পিছতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সাধাৰণ পাৰিষদ দিলীপ ৰাভাই। সাংস্কৃতিক অনুষ্ঠানত অংকুৰ তনয়, দীপ দৰ্শন, অনিৰূদ্ধ লগতে স্থানীয় শিল্পী সকলেও গীত–মাত পৰিৱেশন কৰে।
ফটোঃ চানডুবি নিউজ