Tuesday, December 2, 2025
HomeNEWSঅসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

প্ৰকাশিত তাৰিখঃ ১ ডিচেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰৰ বাগানত অৱস্থিত চৰকাৰী খণ্ডৰ একমাত্ৰ উচ্চ প্ৰাথমিক শিক্ষানুষ্ঠান অসম মাতৃ মজলীয়া বিদ্যালয়। বিদ্যালয়খনৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ ২৯ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।

প্ৰথম দিনটোৰ কাৰ্যসূচী অনুসৰি– পুৱা উদযাপন সমিতিৰ সভাপতি দেৱজিৎ নাফাই সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰে। লগতে সোণালী জয়ন্তী উপলক্ষে অঞ্চলস্থ বিভিন্ন সংগঠন, বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিকাশ কছাৰীয়ে। স্মৃতি তৰ্পণ কৰে নগেন ঠাকুৰীয়াই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ লগতে ছাত্ৰ–ছাত্ৰী আৰু উপস্থিত ৰাইজে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটো সমূহীয়াভাৱে পৰিৱেশন কৰে। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত মাণিক চন্দ্ৰ ডেকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে। বৃক্ষৰোপণ কৰে লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে।

দুপৰীয়া আৰম্ভ হোৱা গুৰুপূজন আৰু শিক্ষক–ছাত্ৰ–ছাত্ৰীৰ মতবিনিময় অনুষ্ঠানটোৰ আঁত ধৰে ভূবিন ৰাভাই।

স্মৃতিগ্ৰন্থ ‘বাথা’ উন্মোচন কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মাই। অনুষ্ঠানত অংশ গ্ৰহণ কৰি অংকিতা শৰ্মাই কয়– এনেধৰণৰ শিক্ষামূলক সভাত অংশ গ্ৰহণ কৰিলে মোৰ সেই শিক্ষা জীৱনলৈ মনত পৰে। আমাৰ দিনত বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত নাছিল, কিন্তু শিক্ষকসকলৰ নীতি কঠোৰ আছিল। শিক্ষাগুৰুসকলে কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰে আমাক দেখুৱাই দিয়া বাটেৰে খোজকাঢ়ি আজি আমি এই অৱস্থাত উপনীত হ’বলৈ পাৰিছো। ভৱিষ্যতৰ ভেটি নিৰ্ণয় কৰে শিক্ষক, ছাত্ৰ–ছাত্ৰীৰ মাজৰ অনুশাসনমূলক ব্যৱস্থাইহে। গতিকে ভৱিষ্যত ভেটি গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষক, ছাত্ৰ–ছাত্ৰীৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিবই লাগিব। বক্তব্যৰ শেষত প্ৰশাসনী বিষয়াগৰাকীয়ে জয়ন্ত হাজৰিকাৰ ‘মোৰ মিনতি তৰা হয় যদি’ গীতটোৰ কলি গাই দিয়ে। উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান জয়ন্ত কুমাৰ দাস, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক সত্যজিৎ ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক বুদ্ধেশ্বৰ উৰাং।

আবেলিৰ শৈক্ষিক আলোচনা সভাখন সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক, লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাই। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনীয় বিষয়া পুনম গগৈ, অৱসৰী শিক্ষক গোলাপ ভৰালী। অনুষ্ঠানত অংশ গ্ৰহণ কৰি পুনম গগৈয়ে কয়– বৰ্তমান আমাৰ মাজত বহু ধৰণৰ প্ৰযুক্তি কৌশল আহিছে। সেয়ে আমি অধিক মাছত বগলী কণা নিচিনা হৈ পৰিছো। গতিকে আমি প্ৰযুক্তি কৌশল নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান হ’বই লাগিব। বিশেষকৈ নিজৰ ওপৰত নিয়ন্ত্ৰণ আৰু বিবেচনাৰ ক্ষেত্ৰত আৰু অধিক সাৱধান হ’ব লাগিব। মানুহে জ্ঞানক সঠিক ৰূপত বিশ্লেষণ আৰু ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে এই প্ৰক্ৰিয়া সৰুৰে পৰাই সুন্দৰ ৰূপত আগুৱাই লৈ যাব লাগিব। আমি যদি কেৱল জ্ঞান অৰ্জনতে সীমাৱদ্ধ থাকো তেনেহলে অসুবিধাৰ সৃষ্টি হ’ব। যিয়ে জ্ঞানক সঠিক ৰূপত ব্যৱহাৰ কৰিছে তেওঁহে নিজৰ বা আনৰ কাৰণে উপযোগী। নহ’লে শিক্ষা ভোগৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা বুলি গণ্য কৰা হ’ব। যিয়ে ভোগৰ চিন্তাত থাকে তেওঁ শিক্ষা জীৱনত কেতিয়াও যোগ্যতা অৰ্জন কৰা নাই। দৰাচলতে নিজৰ চুবুৰীটোৰ সমস্যা দূৰ কৰিব পাৰিলেহে সেয়া সঁচা অৰ্থত জ্ঞান লাভ কৰা বুলি ক’ব পৰা যায়। কাৰণ জ্ঞান বিলালেহে ইয়াৰ পৰিসৰ বৃদ্ধি পাব।

সন্ধিয়াৰ সম্বৰ্দ্ধনা অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward