Tuesday, December 2, 2025
HomeNEWSঅসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

প্ৰকাশিত তাৰিখঃ ১ ডিচেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ বাগানস্থিত অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ ৩০ নৱেম্বৰত অন্তিম দিন। উক্ত দিনৰ পুৱা বন্তি প্ৰজ্বলন আৰু ভক্তি অঞ্জলিৰে দ্বিতীয় তথা অন্তিম দিনটোৰ কাৰ্যসূচী শুভাৰম্ভণ কৰা হয়।

দুপৰীয়া আৰম্ভ হোৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসমীয়া ছবি জগতৰ অভিনেত্ৰী প্ৰিয়ংকা কলিতাই।

আবেলি অনুষ্ঠিত মুকলি সভাখন সঞ্চালনা কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি দেৱজিৎ নাফাই আৰু আদৰণি ভাষণ পাঠ কৰে সম্পাদক জমছেৰ আলীয়ে।

এই অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কয়– বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ শিক্ষা ব্যৱস্থাৰ সৈতে সমানে সমানে ফেৰ মাৰিবলৈ আমাৰ দেশতো নতুন শিক্ষানীতি ২০২০ আনিছিল। এই নীতিৰ আধাৰত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত নতুন নতুন পদ্ধতি সংযোজন কৰা হৈছিল। যদি এগৰাকী শিক্ষাৰ্থীয়ে ২৫ বছৰলৈকে ভালদৰে পঢ়া–শুনা কৰে তেনেহ’লে তেওঁৰ আহিবলগীয়া দিনবোৰত শক্তিশালী ৰূপত একো একোজন সন্মানীয় ব্যক্তি হিচাপে জীয়াই থাকিব পাৰিব। ছাত্ৰ–ছাত্ৰীসকলে ভালধৰণে পঢ়া–শুনা কৰিলেহে একো একোজন প্ৰতিষ্ঠিত ব্যক্তি হ’ব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে দেশ–বিদেশৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব। ফেচবুক, ইনষ্টাগ্ৰাম আদি ইণ্টাৰনেটৰ অৱদান সমূহ আজি–কালি মানুহৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। কিন্তু এই অৱদান সমূহকে আমি ভাল কামত ব্যৱহাৰ কৰি নজনা কথাবোৰ জানিব লাগিব।

অনুষ্ঠানত অংশ গ্ৰহণ কৰা আন এগৰাকী বিশিষ্ট অতিথি তথা লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাই কয়– টাউন আৰু গাঁৱৰ ল’ৰা–ছোৱালীৰ মগজুৰ মাজত কোনো পাৰ্থক্য নাই। পাৰ্থক্য আছে কেৱল অভিভাৱকসকলৰ কাৰ্য ব্যৱস্থাৰ ওপৰতহে। ল’ৰা–ছোৱালীৰ অধ্যয়নৰ ক্ষেত্ৰত টাউনৰ অভিভাৱকসকল যিদৰে সচেতন, সেইদৰে সচেতন নহয় গাঁৱৰ অভিভাৱকসকল। শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্টখিনি কাৰ্যকৰণ কৰিছে। কিন্তু তাৰ বিপৰীতে শিক্ষা বিভাগৰ বিশেষ তৎপৰতা নাই। এতিয়াও ৰাজ্যখনৰ বহু বিদ্যালয় বিষয় শিক্ষক অবিহনেই চলি আছে। আগতে শিক্ষাবিভাগৰ উৰ্ধতন বিষয়াসকলে বিদ্যালয়সমূহত নিয়মীয়াভাৱে পৰিদৰ্শন কৰি আহিছিল। আজিকালি বিদ্যালয় সমূহত সেই কঠোৰ শিক্ষা ব্যৱস্থা নাই। চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত বিদ্যালয়ৰ অভিভাৱকসকল বেছিকৈ কষ্ট কৰে। এইক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ অভিভাৱকসকলেও অধিক সচেতন হ’ব লাগিব। অধ্যয়নৰ প্ৰতি উৎসাহিত কৰি তুলিবলৈ ছাত্ৰ–ছাত্ৰীসকলৰ শাৰিৰীক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। কিয়নো মানসিক স্বাস্থ্য শক্তিশালী হৈ থাকিলে কোনেও দুখত থাকিব নালাগে।

অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা, শিলপোতা সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা, ছয়ানী–ৰাণী জিলা পৰিষদৰ উপ–সভানেত্ৰী তনুজা ৰাভা আদি কৰি বিভিন্ন দল–সংগঠনৰ বিষয়ববীয়া, সদস্য নিমন্ত্ৰীত অতিথিৰূপে উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward