প্ৰকাশিত তাৰিখঃ ৩ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীৰ দলং মলং প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ ১ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। অনুষ্ঠানৰ সূচী অনুসৰি– ধ্ৰুৱ ৰাভা আৰু সতীশ ৰাভাই আজি পুৱা চাফাই আৰু পৰিৱেশ নিকাকৰণেৰে সোণালী জয়ন্তীৰ প্ৰথমটো কাৰ্যসূচী ৰূপায়ন কৰে।
উদযাপন সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ ৰাভাই পতাকা উত্তোলন কৰে।
প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সুৰথ চন্দ্ৰ ৰাভা, অৱসৰপ্ৰাপ্ত শিক্ষক ভগৱান ৰাভা, অনেন ৰাভা আৰু প্ৰবোধ ৰাভাই স্মৃতি তৰ্পণ কৰে।
কুলশীৰ বনাঞ্চলিক বিষয়া কংকনজ্যোতি কৌশিক, কুলশী ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ অংগনা দাস, অৱসৰপ্ৰাপ্ত শিক্ষক মতিলাল দেউৰী, দীনবন্ধু ৰাভা আৰু কুলশী য়ুথ ক্লাৱৰ সভাপতি ৰাতুল ৰাভাই বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।
দুপৰীয়া লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক ভূবিন ৰাভাই স্মৃতিগ্ৰন্থ ‘সোণোৱালী’ উন্মোচনী কৰে। এই অনুষ্ঠানত সমাজকৰ্মী পংকজলোচন গোস্বামী উপস্থিত থাকে।
আবেলি আৰম্ভ হয় ‘বুনিয়াদী স্তৰত ছাত্ৰ–ছাত্ৰীৰ বাবে শিক্ষাৰ যতন’ শীৰ্ষক এখনি মনোজ্ঞ আলোচনা চক্ৰ। আলোচনা চক্ৰখনি সঞ্চালনা কৰে মুদুকী জনজাতীয় হাইস্কুলৰ প্ৰধান শিক্ষক সত্যেন্দ্ৰ ৰাভাই। উক্ত অনুষ্ঠানত সত্ৰপাৰা হাইস্কুলৰ শৈক্ষিক প্ৰধান শিক্ষক সুৰেশ্বৰ ডেকা, কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া তপন কুমাৰ কলিতাই মুখ্য আলোচক আৰু দীপক কুমাৰ দাসে বিশিষ্ট নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰে। আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি সুৰেশ্বৰ ডেকাই কয়– ‘আজিৰ ছাত্ৰ–ছাত্ৰী কাইলৈ দেশৰ মানৱ সম্পদ। এই মানৱ সম্পদৰ দ্বাৰাই দেশ এখনৰ বিকাশ হয়। এই সম্পদ গঢ় দিয়াৰ মূল ব্যক্তি হ’ল শিক্ষাগুৰু সকল। গতিকে সমাজ গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰা শিক্ষকসকলক সামাজিক অভিযন্তা বুলিও ক’ব পাৰি।’ ইপিনে সঞ্চালকৰ আসনৰ পৰা সত্যেন্দ্ৰ ৰাভাই কয়– ‘কুলশী অঞ্চলৰ কেইগৰাকীমান চিৰনমস্য ব্যক্তিৰ তত্বাৱধানত ১৯৭৫ চনত এই বিদ্যালয়খনে গঢ় লৈ উঠিছিল। কিন্তু বিদ্যালয় গঢ় দিয়া সেইসকল ব্যক্তি নিৰক্ষৰ আছিল। যদিও অঞ্চলটোক শিক্ষাৰে পোহৰাই তুলিবলৈ তেওঁলোকে আগভাগ লৈছিল। বুনিয়াদী মানে হ’ল প্ৰাথমিক স্তৰ। এই বুনিয়াদী শব্দটোৱে এক বিশাল অৰ্থ বহন কৰে। এই স্তৰত শিশু এগৰাকীক হাতে–কামে আগবঢ়োৱা হয়। পঢ়াপাতিৰ লগতে চৰিত্ৰ গঠনৰ ক্ষেত্ৰতো এই স্তৰতে গঢ় দিয়া হয়। যি সকলৰ চৰিত্ৰ প্ৰাথমিক স্তৰত ভালকৈ গঢ় নলয়, সেইসকলৰ ভৱিষ্যত ভাল বুলি ক’ব নোৱাৰি।’
সমাজ কৰ্মী প্ৰদীপ ৰাভাই সন্ধিয়া কৰা বন্তি প্ৰজ্বলনৰ পিছত নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে মীনা বালা ৰাভাই। এই অনুষ্ঠানত স্থানীয় শিল্পী নৃত্য, গীত–মাত পৰিৱেশন কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

