প্ৰকাশিত তাৰিখঃ ১৮ আগষ্ট, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট–
দেশৰ লগতে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত স্বাক্ষৰ, ৰাণী কোচিং চেণ্টাৰ, ৰাণী আঞ্চলিক কোচ–ৰাজবংশী সুৰক্ষা সমিতি আৰু ৰাণী ভুমি সুৰক্ষা সমিতিৰ উদ্যোগত গৌৰৱজ্বল ৭৯’সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে স্বাক্ষৰৰ সভাপতি ভাস্কৰজ্যোতি কলিতাই।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে বৃহত্তৰ ৰাণীত প্ৰতিভা সন্ধানী গোট স্বাক্ষৰৰ কাৰ্য্যালয়ত স্বাধীনতা দিৱস উপলক্ষে স্বাক্ষৰ, ৰাণী কোচিং চেণ্টাৰ, বৃহত্তৰ ৰাণী কোঁচ-ৰাজবংশী সুৰক্ষা সমিতি আৰু ভূমি সুৰক্ষা সমিতিয়ে যৌথভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ