প্ৰকাশিত তাৰিখঃ ৩ এপ্ৰিল, ২০২৩
কল্প ৰঞ্জন গগৈ –
স্বামীজী, মহাত্মাজী আৰু নেতাজী। জন্ম হৈছিল নৰেন্দ্ৰনাথ দত্ত ৰূপে ১৮৬৩ চনত। ভাৰতবৰ্ষৰ মহাবিদ্ৰোহ বা ইংলণ্ডত জাৰ্মান মনিষী কাৰ্লমাৰ্ক্সে স্বীকৃতি দিয়া ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা সংগ্ৰামখনৰ ছয় বছৰ পিছত। স্বাভাৱিকভাৱে দেশত আলোড়ন সৃষ্টি কৰা সৈনিক– প্ৰজাৰ জাগৰণে নৰেনৰ ওপৰত প্ৰভাৱত পেলাইছিল। জন্ম পাইছিল এজন সন্যাসীৰ। যাৰ মৃত্যু হৈছিল স্বামী বিবেকানন্দ ৰূপে ১৯০২ চনত– দুকুৰি বছৰ সম্পূৰ্ণ নহওঁতেই। এই বিদ্ৰোহী সন্যানীজনে ভৱিষ্যতৰ স্বাধীনতা যোদ্ধাসকলৰ মন–প্ৰাণ আলোড়িত আৰু আলোকিত কৰি গৈছে।
ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অৰ্থনৈতিক–সাংস্কৃতিক–ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰি তেওঁ ভৱিষ্যতৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিষয়েও কৈ গৈছিল।
১৮৯৩ চনত আমেৰিকাৰ চিকাগোৰ জনতাক সম্বোধন কৰিছিল– ‘আমেৰিকাবাসী ভগ্নী আৰু ভাতৃবৃন্দ’ বিশেষকৈ পুৰুষতন্ত্ৰৰ দ্বাৰা পৰিচালিত নতুন বিশ্বত।
সেই সময়তে ইউৰোপ, আমেৰিকা ভ্ৰমণ কৰি কৈছিল– ‘আজিৰ ইউৰোপ বহি আছে আগ্নেয়গিৰীৰ ওপৰত’ (Sitting on a Volcano)। বিশ্ব যুদ্ধই দেখা দিছিল তেওঁৰ মৃত্যুৰ এটা দশকৰ পিছত।
আমেৰিকাৰ বিষয়ে কৈছিল যে দেশখন দুষ্ট চক্ৰৰ দখলত (In the grip of Shylocks)।
বিশ্বৰ ভৱিষ্যতৰ বিষয়ে কৈছিল যে ‘শূদ্ৰ যুগ আহি আছে– দেখা দিব ৰুছ দেশ আৰু চীনত।
ভাৰতবৰ্ষৰ বিষয়ে কৈছিল যে ভৱিষ্যতৰ ভাৰতবৰ্ষ হ’ব লাগিব ‘বেদান্তৰ মগজু আৰু ইছলামৰ দেহা’ (Vedantic brain and Islamic body)।
ছ’ভিয়েট দেশৰ পতনৰ আগে আগে আৰু চীনৰ সামাজিক সংকটৰ আগে আগে দুয়োখন দেশৰ ধীমান সকলে স্বামীজীৰ দৰ্শন দেশত বিয়পাই দিছিল। ফল কি হৈছে গম নাপালেও বৰ্তমানৰ সংকটকালত স্বামীজীৰ শিক্ষাই কেৱল এখন বা দুখন দেশত প্ৰভাৱ পেলালেই যথেষ্ট নহয়। ন’ৱেলজয়ী ৰোঁমা ৰোঁলাৰ মতে– অহা তিনি হাজাৰ বছৰৰ যুৱ শক্তিৰ অগ্ৰিম প্ৰতিনিধি হৈছে স্বামী বিবেকানন্দ।
স্বামীজীৰ মানুহ গঢ়া, চৰিত্ৰ গঢ়া আৰু ৰাষ্ট্ৰ গঢ়া দৰ্শনৰ দ্বাৰা পুষ্ট শিক্ষা আৰু ধৰ্মৰ সহায়তহে ভৱিষ্যতৰ পৃথিৱী সম্ভৱ।
ভাৰতবৰ্ষৰ মহাত্মাজী আৰু নেতাজী বিশেষভাৱে স্বামীজীৰ দ্বাৰা প্ৰভাৱান্বিত। দুয়োজনে স্বাধীন ভাৰতবৰ্ষ দেখা নেপালে। মহাত্মাক দেশতেই সংবিধান ৰচনাৰ আগে আগে বিদায় দিয়া হ’ল। ৰাম ৰাজ্যৰ অৰ্থক বিকৃত ৰূপ দিবলৈ। নেতাজী বিদেশৰ মাটিত দুৰ্ঘটনাগ্ৰস্ত হ’ল।
আজিৰ ভাৰতবাসী এই দুজনৰ অভাৱত ভূগিলেও তেওঁলোকৰ পুনঃনিৰ্মাণ অসম্ভৱ নহয়। মহাত্মাৰ বাবে বিভক্ত ভাৰতবৰ্ষ গ্ৰহণযোগ্য নাছিল কিন্তু তেওঁৰ বৈশিষ্ট্য– উদাৰতাই এইক্ষেত্ৰত বাধা আছিল। ১৫ আগষ্ট ১৯৪৭ চনত জাতিৰ পিতাজন কিন্তু পতাকা উত্তোলনত নাছিল।
বলপূৰ্বক ব্ৰিটিছমুক্ত দেশ এখনৰ সপোন দেখা নেতাজীৰ বাবে বিভক্ত ভাৰত এখন কেতিয়াও গ্ৰহণযোগ্য হ’বই নোৱাৰে। ১৯৪২ চনত আজাদ হিন্দ ৰেডিঅ’ যোগে নেতাজীয়ে কৈছিল– ব্ৰিটিছ অপপ্ৰচাৰৰ পৰা মুক্ত হ’লেহে ভাৰতবৰ্ষৰ জনগণে বিচৰা প্ৰকৃত স্বাধীনতাৰ বিষয়টো স্পষ্ট হ’ব। ব্ৰিটিছ দখলদাৰ সকলে জনতাৰ মাজৰ ঐক্য নষ্ট কৰিবলৈ, জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিলেও ভাৰতৰ জনগণে সম্পূৰ্ণ স্বাধীনতা নোপোৱালৈকে ক্ষান্ত নহয়। ব্ৰিটিছ শোষণকাৰীসকলৰ লগত আপোচৰ প্ৰশ্নই নুঠে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News